নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ জিলাতো ক’ভিডৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি, কঠোৰ হৈছে জিলা প্ৰশাসন

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন ঠাইত ক’ভিডে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে কামৰূপ জিলাতো উদ্বেগ জনক ভাবে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা।নিতৌ তিনিশৰো অধিক লোক কোভিত-১৯ ত আক্ৰান্ত হৈ আছে জিলাখনত। বৰ্তমানলৈ কামৰূপ জিলাত কোভিত-১৯ ৰোগত আক্ৰান্ত হৈছে ৩৩০৮ জন ব্যক্তি। নিতৌ ক’ভিত ৰোগীৰ সংখ্যা বৃদ্ধিলৈ চাই কামৰূপ জিলা প্ৰশাসনে ৰাজহুৱা স্থানত চলা ফুৰাত কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী কাৰ্যালয় বোৰত ক’ভিতৰ দুটা ভেকচিন লোৱাৰ প্ৰমাণ পত্ৰ অবিহনে ওলোৱা সোমোৱা নিষেধ কৰা হৈছে , আনহাতে কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্য্যালয়ত আজিৰ পৰা এটা ক’ভিত প্ৰৰিক্ষন কেন্দ্ৰ স্থাপন কৰা হৈছে, পৰিক্ষন কেন্দ্ৰত পৰীক্ষা কৰাৰ পিছতহে উপায়ুক্ত কাৰ্য্যালয়ত প্ৰৱেশ কৰিব দিয়া হয় বুলি জিলা প্ৰশাসনে জানিব দিছে। ৰাজহুৱা স্থানত মাক্ম পৰিধান কৰাটো ব্যাধ্যতামূলক কৰা হৈছে। কোনোবাই নিয়ম ভংগ কৰিলে জৰিমনা লোৱাৰ নিৰ্দেশ দিয়া হৈছে।

আনহাতে ৰোগীৰ চিকিৎসাৰ বাবে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে আই আই টি গুৱাহাটীৰ দুটা বিল্ডিং অধিগ্ৰহণ কৰি তাত ৭৫০ খন বিছনাৰে এটা বিশেষ চিকিৎসাকেন্দ্ৰ স্থাপন কৰা হৈছে যিহেতু আই আই টি গুৱাহাটীতে প্ৰথমে ক’ভিত ৰোগীৰ সংখ্যা বেছি হৈছে। তাৰোপৰি শিঙিমাৰী মডেল হস্পিটেলত ৭৬ খন অক্সিজেন বিছনাযুক্ত ক’ভিত কেন্দ্ৰ টো সাজু কৰি ৰখা হৈছে বুলি জিলা প্ৰশাসনৰ পৰা জানিব দিছে যত নেকি ১৮ খন আই চি ইউ বিছনাও আছে। জিলা স্বাস্থ্য বিভাগে ক’ভিত ৰোগীৰ তৎকালীন যোগাযোগৰ বাবে এটা (০৩৬১-১০৭৭)২৪ ঘন্টা সেৱাত থকা টল ফ্ৰি নাম্বাৰো দিয়া হৈছে । ক’ভিত সম্পৰ্কীয় যি কোনো যোগাযোগ ২৪ ঘন্টাই এইটো নাম্বাৰত কৰিব পাৰিব বুলি জিলা প্ৰশাসনৰ ফালৰ পৰা জনাইছে। কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে জিলাখনৰ সকলো শ্ৰেণীৰ ৰাইজক ক’ভিদ বিধি মানি চলিবলৈ আহ্বান জনাইছে।

প্ৰেৰকঃ মুনীন ডেকা

You might also like