নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ জিলাত গুণোৎসৱৰ ব্যাপক প্ৰস্তুতিঃ জিলাখনৰ ২২১২ খন বিদ্যালয়ৰ ১ লাখ ৯০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ ল’ব গুণোৎসৱত

নিয়মীয়া বাৰ্তা, ১৪ মেঃ  কামৰূপ জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ২৩ মেৰ পৰা ২৬ মেলৈ অনুষ্ঠিত হ’ব। গুণোৎসৱৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপৰ শিক্ষা বিভাগে ব্যাপক প্ৰস্ততি সম্পূৰ্ণ কৰি তুলিছে। গুণোৎসৱত বিদ্যালয় সমূহ মূল্যায়নৰ বাবে জিলাখনত বৰ্হি নিৰীক্ষক হিচাপে ১০৭০ জনক নিযুক্তি দিয়া হৈছে। এই বৰ্হি নিৰীক্ষক সকলৰ সৰহভাগকেই ইতিমধ্যে প্ৰশিক্ষণ দিয়াৰ লগতে নডেল শিক্ষক আৰু খণ্ড পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সকলক প্ৰশিক্ষণ দিয়া হৈছে। কামৰূপ জিলাৰ দূৰণিবতীয়া আৰু সাধাৰণ যান বাহনেৰে যাব নোৱৰা অঞ্চলত থকা বিদ্যালয় সমূহ মূল্যায়ন কৰিবলৈ কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা ৭৫ খন নাৱৰ ব্যৱস্থা কৰিছে।

বিদ্যালয় সমূহৰ মুৰব্বী সকলকো কামৰূপৰ শিক্ষা বিভাগে গুণোৎসৱৰ পৰিচালনা প্ৰক্ৰিয়া সম্পৰ্কে অৱগত কৰিবলৈ সভা সমিতি নিয়মীয়াকৈ অনুষ্ঠিত কৰিছে। এইবাৰ গুণোৎসৱত কামৰূপ জিলাৰ ১ লাখ ৯০ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা কামৰূপৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া, কামৰূপৰ শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, কামৰূপৰ জিলা আচনি বিষয়া ছুইটি বেজবৰুৱা আৰু ফুলপাহি নাথ প্ৰমুখ্যে সমগ্ৰ শিক্ষা বিভাগৰ ভালেমান বিষয়া কৰ্মচাৰীয়ে অহৰহ কাম কৰি আছে। ইয়াৰ উপৰিও কামৰূপৰ শিক্ষা বিভাগে প্ৰথম পৰ্যায়ত চলা দৰং, গোৱালপাৰা জিলালৈকেও বৰ্হি নিৰীক্ষক পঠাই সহযোগিতা কৰিছে। ইয়াৰ উপৰিও কামৰূপৰ শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই এক গোহাৰি যোগে বিদ্যালয়সমূহে গুণোৎসৱৰ আগেয়ে ল’ব লগা ব্যৱস্থাৱলীৰ বিতংকৈ অৱগত কৰিছে। আনহাতে গুণোৎসৱৰ সময়ত বিদ্যালয় সমূহক প্ৰয়োজন হ’ব পৰা সহায়তা আগবঢ়াবলৈ কামৰূপৰ শিক্ষা বিভাগে বিশেষ গোট গঠনৰ চিন্তা কৰিছে। ইতিমধ্যে গুণোৎসৱ সম্পন্ন হোৱা নিকটৱৰ্তী জিলাৰ গুণোৎসৱ পৰিচালনাৰ অভিজ্ঞতা সমূহো কামৰূপৰ শিক্ষা বিভাগে বুজ ল’বলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে যাতে জিলাখনত গুণোৎসৱ সুচাৰুৰূপে উদযাপন হয়। আনকি কামৰূপৰ শিক্ষা বিভাগে গুণোৎসৱৰ কাম-কাজ অধিক ত্বৰান্বিত কৰিবলৈ সমগ্ৰ শিক্ষা কামৰূপৰ কাৰ্যালয়ৰ সময়সূচী বৃদ্ধি কৰিছে। কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনেও জিলাখনত গুণোৎসৱ যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে কামৰূপৰ শিক্ষা বিভাগৰ কামৰূপ তদাৰক কৰি থকা বুলি জানিব পৰা গৈছে।

ইফালে বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক ,মাতৃগোট, আৰু সমাজৰ আন অংশীদাৰ সকল যাতে বিদ্যালয়ৰ গুণোৎসৱৰ লগত জড়িত হোৱাৰ সুযোগ ল’ব পাৰে তাৰ বাবে বিদ্যালয়ৰ মুৰব্বী সকলক প্ৰয়োজনীয় পদক্ষেপ লবলৈ কামৰূপৰ শিক্ষা বিভাগে সজাগ কৰি দিছে। আনহাতে গুণোৎসৱৰ সময়চোৱাত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলেসকলে যাতে কোভিড প্ৰ’টকল মানি চলে সেই বিষয়েও ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট বিদ্যালয় সমূহক কামৰূপৰ শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই আহ্বান জনাইছে।

You might also like