কালিয়াবড়ী নেহৰু জ্যোতি সংঘৰ উদ্যোগত একৈশ সংখ্যক ৰঙালী বিহু উদযাপনৰ কাৰ্য্যালয় মুকলি
নিয়মীয়া বাৰ্তা ; ২৫ মাৰ্চ – অসমীয়াৰ প্ৰাণৰো প্ৰাণ ব’হাগ বিহুৰ মাদকতা নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিগত বছৰবোৰৰ দৰে এই বৰ্ষও আয়োজন কৰা হৈছে ৰঙালী বিহু সন্মিলনৰ। কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত কালিয়াবড়ী গাওঁৰ শিক্ষা – সামাজিক আৰু সাংস্কৃতিক মঞ্চ নেহৰু জ্যোতি সংঘৰ উদ্যোগত এই বেলি একৈশ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে ৰঙালী বিহু সন্মিলনৰ। সেয়ে এই বৰ্ষৰ বিহু উদযাপন সমিতিৰ অস্থায়ী কাৰ্য্যালয়টো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। এক মাংগলিক ৰীতি নীতিৰে বিহুৰ কাৰ্য্যালয়টো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কালিয়াবড়ী নেহৰু জ্যোতি সংঘৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক বিষ্ণু ৰাম দাসে। বিহু উদযাপন সমিতিৰ উপ সভাপতি লাচিত কলিতাই আত ধৰা অনুস্থানত সহযোগ কৰে সভাপতি ৰবীন্দ্ৰ দাস ; আন এগৰাকী উপ সভাপতি অনিল দাস ; সাধাৰণ সম্পাদক কিশোৰ দাসৰ উপৰিও বহু সংখ্যক সদস্য সদস্যাই। ইফালে অহা ২৩ ব’হাগত দিনযোৰা বিস্তৃত কাৰ্য্যসুচীৰে বিহুৰ কাৰ্য্যসুচী ৰূপায়ণ কৰা হ’ব বুলি জানিব দিয়ে বিহু উদযাপন সমিতিৰ সভাপতি আৰু সম্পাদকে। ইফালে আজিৰ পৰা বিহুৰ যাৱতীয় কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰি আগবাঢ়িব বুলি জানিব দিয়ে সংঘৰ বিষয় ববীয়া সকলে।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।