কালুগাঁৱত অধ্যয়নৰ মাজতে বাতৰিকাকত বিতৰণ কৰি স্বাৱলম্বী হৈছে নামতিৰ শশাংক
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ পুৱাই বাতৰিকাকতখনৰ বাবে আগ্রহেৰে ৰৈ থকা প্রতিজন পঢ়ুৱৈৰ কাষত ৰ’দ–বৰষুণ, শীতকালৰ হাড কপোৱা ঠাণ্ডাকো নেওচি এজেন্সীৰ পৰা কাকত সংগ্রহ কৰি নিয়মিতভাৱে উপস্থিত হোৱা লোকজনেই হ’ল হকাৰজন৷
বিনিময়ত সামান্য পাৰিতোষিকতে সন্তুষ্টি লাভ কৰিও এইসকল লোকে আগবঢ়োৱা সেৱা আৰু শ্রম অবিহনে কাকতৰ পাঠকসকল প্রতিদিনেই বঞ্চিত হ’ব লাগিব৷ তেনে এক গুৰুদায়িত্ব নিষ্ঠাৰে পালন কৰি নৱম শ্রেণীত পঢ়ি থকাৰ পৰাই কাকত বিতৰকৰ কাম কৰি পঢ়া খৰচৰ লগতে স্বাৱলম্বিতাৰ সুন্দৰ নিদর্শন দেখুৱাইছে নামতিৰ এজন কলেজীয়া ছাত্র শশাংক কলিতাই৷
নামতিৰ মিছাজান কমাৰগাঁও নিৱাসী শশাংকই বর্তমান দেশৰ প্রতিকূল পৰিৱেশ তথা লকডাডনৰ মাজতো নিয়মীয়াকৈ কালুগাঁও অঞ্চলৰ এটা বৃহৎ অংশ খঁৰাগড, কিৰাই আলি, জতকীয়া নাথ গাঁও আদি ঠাইৰ বিভিন্ন কাকতৰ পঢ়ুৱৈসকলক বাতৰিকাকত যোগান ধৰি আহিছে৷ মাতৃ আৰু জ্যেষ্ঠ ভাতৃসহ এটি সৰু পৰিয়ালৰ কনিষ্ঠ শশাংকই এইবছৰ নামতি শ্বহীদ পিয়লি ফুকন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাত অৱতীর্ণ হৈছে৷ শশাংকৰ মতে অন্য কাম কৰি পঢ়ি থাকিবও নোৱাৰি, সেয়ে তেওঁ এই কামত জড়িত হৈছে আৰু পঢ়িও আছে৷ নামতিৰ অন্যতম বাতৰিকাকত এজেন্সী সঞ্জয় নিউ বুক ষ্টলৰ বাতৰিকাকত বিতৰক শশাংকই সমাজক দেখুওৱা এই আর্হি নিশ্চয়কৈ আন দহজনৰ বাবেও প্রেৰণাৰ উৎস হোৱা ডচিত বুলি বিজ্ঞজনে মত প্রকাশ কৰিছে৷
ইফালে বাতৰিকাকতে ক’ৰোনা ভাইৰাছ সংক্রমণ হোৱাৰ ভয়ত বিভিন্ন ঠাইত বাতৰিকাকত এৰি দিয়াৰ বিপৰীতে কালুগাঁও অঞ্চলৰ সচেতন পঢ়ুৱৈ ৰাইজে কাকতসমূহৰ প্রচলনত সহযোগিতা আগবঢ়াই অহা পৰিলক্ষিত হৈছে৷