কাৰ্বি আংলং আৰক্ষীৰ তৎপৰতাঃ অৰুণাচলত আৱদ্ধ দুই যুৱক নিৰাপদে স্ব-গৃহত উপস্থিত
নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ ক’ভিড-১৯ ৰ মহামাৰীৰ ফলত দেশজুৰি বলবৎ হোৱা লকডাউনৰ বাবে চুবুৰীয়া ৰাজ্য অৰুণাচলত আৱদ্ধ হৈ পৰা কাৰ্বি আংলং জিলাৰ দুই যুৱক অৱশেষত জিলা আৰক্ষীৰ তৎপৰতাত নিৰাপদে নিজ গৃহত উপস্থিত হবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ বোকাজান মহকুমাৰ চকীহোলা আৰক্ষী থানাৰ অন্তৰ্গত অখপটা গাঁৱৰ বাসিন্দা মেট’ চেব ৰেংমাৰ পুত্ৰ বেনল’ চেব ৰেংমা আৰু বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খানাৰি গাঁৱৰ বাসিন্দা ছেনচন নান্দু ৰেংমাৰ পুত্ৰ টেছহিথাং নান্দু ৰেংমা নামৰ দুগৰাকী যুৱক লকডাউনৰ বাবে সুদীৰ্ঘ দিন ধৰি অৰুণাচলত আবদ্ধ হৈ পৰে।
অলপতে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে বিষয়টো সম্পৰ্কে অৱগত হৈ নিজা তৎপৰতাত বহিঃৰাজ্যত আৱদ্ধ হৈ থকা দুয়োগৰাকী অসমৰ যুৱকক স্ব-গৃহলৈ ওভতাই অনাৰ ব্যৱস্থা কৰে। অসমত উপস্থিত হোৱা পিছতে দুয়োজন যুৱককে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হয়। লকডাউনৰ ফলত অকস্মাতে অন্য ৰাজ্যত আৱদ্ধ হৈ সংকটৰ সন্মুখীন হোৱা দুগৰাকী অসমীয়া যুৱকক স্ব-গৃহলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত জেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰদৰ্শন কৰা তৎপৰতাক জিলাবাসীয়ে শলাগ লৈছে।