কাৰ স্বাৰ্থত ঘিলামৰাত কাৰ্য সম্পাদন কৰিছে সোণাৰি চাপৰিৰ দুই চিকিৎসকে ? চিকিৎসাৰ অভাৱত দিক বিদিক হেৰুৱাইছে ৰোগীয়ে
নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ লখিমপুৰ জিলাৰ ঘিলামৰা চিকিৎসালয়ৰ অন্তগত সোণাৰি চাপৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুই চিকিৎসক তুলুমণি দলে আৰু আয়োশ্ৰী কৌশিকে দীৰ্ঘদিন ধৰি অ কত্ত্বশীল ভাবে ঘিলামৰা চিকিৎসা কেন্দ্ৰত কাৰ্য সম্পাদন কৰাত দিক বিদিক হেৰুৱাইছে অঞ্চলটোৰ সাধাৰণ ৰুগীয়ে ৷
জানিব পৰা মতে প্ৰায় এটা বছৰৰ পুৰ্বেই তুলুমণি দলে নামৰ চিকিৎসক গৰাকীক সোণাৰি চাপৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিযুক্তি দি স্বাস্থ্য কেন্দ্ৰটোৰ ইঞ্চাজৰ দায়িত্বও অৰ্পণ কৰে যদিও সোণাৰি চাপৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰি দিয়া নাই চিকিৎসক গৰাকীয়ে ৷ তেনেকৈয়ে আয়োশ্ৰী কৌশিক নামৰ এবছৰীয়া চিকিৎসক গৰাকীয়েও যোৱা ১৮ জুনৰ পৰা স্বাস্থ্য কেন্দ্ৰটোত অনুপস্থিত থাকি যোৱা দুই জুলাইত হথাৎ উপস্থিত হৈ উপস্থিতিৰ স্বাক্ষৰ কৰি যোৱাৰ পিছৰে পৰাই আজিলৈকে দেখাদেখি নাই ৷
আনহাতে দেশ জুৰি স্ষ্টি হোৱা ন’ভেল ক’ৰোনা মহামাৰী আতংকৰ ফলত সাধাৰণ ৰোগীয়ে সামান্যতম চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোলৈ তাঁতবাতি কৰিও বিনা চিকিৎসাই ঘুৰি যাব লগা হোৱাত স্বাস্থ্য বিভাগৰ ওপৰতেই আস্থা হেৰুৱাইছে ৷ ইয়াৰ বিপৰীতে বতৰৰ পৰিৱৰ্তন প্ৰতিকুল পৰিবেশ আৰু বান পানীৰ ফলত উদ্ভৱ হোৱা সৰ্বসাধাৰণ লোকৰ জ্বৰ . কাঁহ . পানীলগা আদি সাধাৰণ ৰোগৰ লগতে অন্যান্য ৰুগ ব্যাধি দুৰ্ঘটনাত আহত আদি লোককো ফাৰ্মাচী বা ঔষধৰ দোকানীয়ে চিকিৎসা নকৰা আনকি ঔষধো প্ৰদান নকৰাত কিংকৰ্তব্যবিমূঢ় অঞ্চল বাসীয়ে ৰোগৰ পৰা আৰোগ্য লাভ কৰিবলৈ আদিম যুগৰ ইতৰ প্ৰাণীৰ দৰে পূজা অৰ্চনা কৰিবলৈ বাধ্য হোৱাত ঘাইকৈ স্বাস্থ্য মন্ত্ৰীকেই জগৰীয়া কৰি সোণাৰি চাপৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুই চিকিৎসকক নিযুক্তিৰ স্বানত কৰ্তব্য সম্পাদন কৰাৰ দাবী জনাইছে অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ ল’গতে বিভিন্ন দল সংগঠনে ৷