‘কা’ আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি বৰহোলা আছুৰ
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ : ‘কা’ আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি আৰু আহত সকলৰ আশু আৰোগ্য কামনাৰে তিতাবৰ মহকুমাৰ বৰহোলা চাৰিআলিৰ মাজমজিয়াত আজি সন্ধিয়া বন্তি প্ৰজলন কৰে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই। বন্তি প্ৰজলন কৰি বৰহোলা আছুৰ সভাপতি ভাস্কৰ জ্যোতি নেওগ, সম্পাদক প্ৰদীপ বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে ‘কা’ আন্দোলনৰ শ্বহীদৰ ত্যাগ অথলে যাবলৈ দিয়া নহ’ব। খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ‘কা’ বিজেপি চৰকাৰে বাতিল কৰিবই লাগিব। বিদেশীক ৰক্ষণাবেক্ষণ দিয়া, সাম্প্ৰদায়িক, অসাংবিধানিক ‘কা’ বাতিল হ’বই লাগিব। অসমৰ খিলঞ্জীয়া মানুহে ‘কা’ নামানে। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা তথা বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা মানৱ সোণোৱালে কয় যে বিজেপি চৰকাৰে অতি তাৎক্ষণিকভাৱে ‘কা’ বাতিল কৰক অন্যথা গণতান্ত্ৰিক ভাবে আন্দোলন চলি যাব। ‘কা’ বাতিল নোহোৱালৈকে আমি ক্ষান্ত নহও। বন্তি প্ৰজলন কাৰ্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক বিপ্লৱ সোনোৱাল, বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সুশীল শইকীয়া, নৱজিৎ মহন্তৰ লগতে কেইবাজনো সক্ৰিয় কৰ্মী আৰু প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
প্ৰেৰক: অজয় শইকীয়া, নগাবাট