‘কা’ বাতিলৰ আৰু কৃষক নেতা অখিলৰ মুক্তিৰ দাবীত মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰু পেঙেৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ
নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিলৰ দাবীত লগতে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ আহ্বানত প্ৰতিখন আঞ্চলিক সমিতিৰ লগতে মাৰ্ঘেৰিটা মাহকুমাৰ লিডুৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলেজ তিনিআলি আৰু পেঙেৰি থানাৰ অন্তৰ্গত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰি বৰডুমচা আঞ্চলিক সমিতিয়ে মিহলীৰিতু গাঁৱত এক প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীৰে উতাল প্ৰতিবাদ সাব্যস্ত কৰে।
বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন ২০১৯খন অসম তথা অসমীয়া ৰাইজ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ বলপূৰ্বক ভাৱে জাপি দিয়াৰ প্ৰতিবাদত এই আইন বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক দাবী জনায়।