নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিমাশ্চৰ্যম্ ! ক’ৰোনাৰ পৰা পৰিত্ৰাণৰ বাবে পটা গুটিক পূজা

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ সমগ্ৰ বিশ্বতে ক’ৰোনাক লৈ আতংকিত হৈ থকাৰ সময়তে একাংশ লোকৰ অন্ধ বিশ্বাসে এইবাৰ সকলোৰে চকু কপালত তুলিছে । বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰই এই ভাইৰাছক লৈ গৱেষণা কৰি থকাৰ সময়তে একাংশ অন্ধবিশ্বাসী লোকে বিভিন্ন সামাজিক প্ৰচাৰ মাধ্যমৰ জড়িয়তে প্ৰচাৰ কৰিছে ক’ৰোনা ভাইৰাছৰ পৰা মুক্তি বা পৰিত্ৰাণ পোৱাৰ কৌশল ।

শিলৰ পটাত শিলগুটি থিয় হৈছে । এই খবৰটো অঞ্চলটোত বিভিন্নজনে প্ৰচাৰ কৰাৰ পিছত ডিমৌৰ ৰাইছাই, আঠবাৰী, ৰাজমাই, বৰুৱাচাংমাই, চৰগুৱা আদি গাঁৱতো ধৃপ-চাকি জ্বলাই পূজা-অৰ্চনা কৰাৰ তিনি মিনিট মানৰ পাছতেই শিলগুটি থিয় কৰালে ৰৈ থাকে । এই কথা কোনো দুষ্ট চক্ৰই বিয়পাই দিয়াৰ পাচতেই এই অন্ধবিশ্বাস ডিমৌত বিয়পি পৰে ।

You might also like