নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় আত্মহত্যা কৰিলে মাৰ্চী বৰাই?

ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল বিয়াৰ দিনা নৃত্যৰত মাৰ্চীৰ ভিডিঅ'

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ প্ৰায় দুমাহৰ আগতে এগৰাকী ন কইনাৰ বিয়াৰ দিনা কৰা নৃত্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। এই যুৱতীগৰাকীৰ নৃত্যই সকলোকে মোহিত কৰিছিল নৃত্যৰ মাজেৰে স্বামীৰ আশীষ লৈছিল ন কইনা মাৰ্চী বৰুৱাই। কিন্তু সেয়া সুখ যেন ক্ষণিকৰ আছিল। নিষ্ঠুৰ নিয়তিৰ কোলাৰ চিৰদিনৰ বাবে শুই পৰিল মাৰ্ছী। ১৪ ফেব্ৰুৱাৰীৰ দিনাই চিৰনিদ্ৰাত মগন হ’ল মাৰ্চী। বিয়াৰ দিনা মাৰ্চী চকুত সকলোৱে দেখিছিল জীৱনৰ সমস্ত সুখ। বহু বছৰৰ প্ৰেম সম্পৰ্কৰ পিছত হোমৰ জুইক সাক্ষী কৰি প্ৰেমিক প্ৰণৱ বৰাৰ লগত জনম জনমলৈ এক হোৱাৰ সপোন দেখা মাৰ্চী বৰুৱাই কিয় বাছি ল’লে জীৱনৰ কঠোৰ সিদ্ধান্ত?

                সৰুতেই দেউতাকক হেৰুৱাই নিঠৰুৱা হোৱা মাৰ্চী কাৰ্বি আংলঙৰ এখন সৰু গাঁৱৰ পৰা আহি উচ্চ শিক্ষা লাভ কৰিছিল নগাঁৱত। অতি সাহসী মাৰ্চীৰ আত্মহত্যাৰ খবৰে সকলোকে এবাৰ হলেও ভাবিবলৈ বাধ্য কৰিছে। কি হৈছিল মাৰ্চীৰ? বিয়াৰ কিছুদিন পাছতেই নিজৰ বন্ধুক জনাইছিল মাৰ্ছীৰ সৰ্বোচ্চ প্ৰাপ্তিৰ কথা। মই বহুত সুখী, মোক সকলোৱে খুউব মৰম কৰে, মোক নিজৰ ছোৱালীৰ দৰে ৰাখিছে। গাৰ পৰা মাহ হালধিৰ গোন্ধ নাযাওতেই কিয় প্ৰেমৰ দিনটোতেই গুচি গ’ল মাৰ্চী? চাকৰিৰ প্ৰশিক্ষণ সূত্ৰে মুম্বাইত আছিল মাৰ্চীৰ স্বামী প্ৰণৱ বৰা। স্বামী নথকাৰ সুযোগত মানসিক অশান্তিৰ সন্মুখীন হৈছিল নেকি যুৱতীগৰাকী?

         ভেলণ্টাইন দেৰ দিনাই বন্ধ শোৱনি কোঠাত উদ্ধাৰ হয় মাৰ্চী বৰাৰ মৃতেদহ। পৰিয়ালৰ লোকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। আনহাতে মানসিকভাৱে ভাঙি পৰিছিল নেকি মাৰ্চী? বহু সন্দেহজনক প্ৰশ্নই ৰহস্যৰ মাজলৈ ঠেলি দিছে মাৰ্চীৰ আত্মহত্যাৰ ঘটনা। আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব আত্মহত্যাৰ সমগ্ৰ সত্যৰ কাহিনী।

You might also like