নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ, ব্ৰহ্মপুত্ৰ বৰ্ডঃ শালমৰাৰ কামজান এলেঙিত ব্যাপক গড়াখহনীয়া

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ বাৰিষাৰ ভয়াবহ খহনীয়াৰ সন্মুখত চুলিৰ আগত জীউ বান্ধি দিন ৰাতি পাৰ কৰা শালমৰাবাসীৰ সন্মুখত খৰালীটো তদ্রুপ অৱস্থাই শংকিত কৰি তুলিছে ভৱিষ্যত জীৱনক লৈ । ব্ৰহ্মপুত্ৰ বৰ্ড নামৰ কোম্পানীটোক মাজুলীত ২০০৪ চনৰে পৰা কোটি কোটি টকা মোকোলাই দিলে কিন্তু সেই টকাৰ ১ শতাংশও মাজুলীৰ সুৰক্ষা নহল। চৰকাৰে ফুল জাৰি মৰা বহু কথাই কৈ যায় কিন্তু কামৰ নামত কোনো দিন প্ৰযোজ্য নহয়।ড° হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন দক্ষ মুখ্যমন্ত্ৰী অসমত থকাৰ পিছতো কিয় এনেকুৱা পৰিস্থিতি হৈছে সেই বিষয়ত আমাৰ পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ মনত সন্দেহ জন্মিছে।

এনেদৰেই ক্ষোভ উজাৰি পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ শইকীয়াই আৰু কয় যে, গড়া খহনীয়া কেৱল আজি হোৱা বা ৪/৫দিন হোৱা বিপদ নহয়।এই বিপদ পূৰ্বৰে পৰা হৈ আহিছে কিন্তু কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱা নাই চৰকাৰ প্ৰশাসনে ।চপৰা-চপৰে খহি গৈছে, জিঅ বেগ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে তথাপিও জিলা প্ৰশাসন নীৰৱ কিয়? ।সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য যদুমনি হাজৰিকাই কয় যে, বৰ্তমান মাজুলী জিলাৰ নতুন উপায়ুক্ত জনে খহনীয়া অঞ্চল পৰিদৰ্শন কৰি সেই অঞ্চল সমূহ বচাবলৈ যত্নপৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক কাকুমনি কলিতাই কয় যে, ইতিমধ্যে ২৩৭ কোটি টকা ব্ৰহ্মপুত্ৰ বৰ্ড নামৰ এই অকমন্য কোম্পানীটোৱে অবাধ দুৰ্নীতিৰে আত্মসাদ কৰিলে।প্ৰতিষ্ঠা কালৰে পৰা ব্ৰহ্মপুত্ৰ বৰ্ড নামৰ এই কোম্পানীটোৱে মাজুলীক সুৰক্ষা দিয়াত বিফল হৈছে।কিন্তু ইমান হোৱা পাছতো কিয় বাৰে বাৰে এই কোম্পানীতোক দায়িত্ব দিছে সিও সন্দেহ জনক ।

লগতে আৰু কয় যে অসম চৰকাৰৰ জলসম্পদ বিভাগ ইতিমধ্যে বিফল হৈছে।মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ দুৰ্বলতাৰ বাবে আজি শালমৰা গাওঁ শেষ হবলৈ গৈ আছে । সম্প্ৰতি ভাবুকি সৃষ্টি কৰা খাহনীয়া চলি থকা অঞ্চলত যদি তাৎক্ষণিক ভাৱে যদি অসম চৰকাৰ, মাজুলী জিলা প্ৰশাসনে তৎপৰতা প্ৰদৰ্শন নকৰে আৰু ব্ৰহ্মপুত্ৰ বৰ্ড এ কাম নকৰে তেনেহ’লে পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই বৃহৎ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সভাপতি/সম্পাদকে জানিবলৈ দিছে। ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদী খন তড়িৎ গতিত পূব মাজুলীৰ বনগাঁও দিশত সোমাই অহা কাৰ্যই ভৱিষ্যতে বৃহত্তৰ অঞ্চলটোৰ লগতে মাজুলিলৈ ভাবুকি মাটি আনিছে । এটা বছৰৰ ব্যৱধানত মাজুলীৰ মূল ভূ খণ্ডৰ যিমান এলেকা ব্ৰহ্মপুত্ৰৰ বুকুত লিন যায় তাৰ তুলনা কৰিলে মাজুলীৰ অস্তিত্বক লৈ সন্দিহান হৈ পৰে প্ৰত্যক্ষদৰ্শী মাজুলিবাসী ।

প্ৰেৰকঃ  প্ৰাঞ্জল খাউণ্ড 

You might also like