নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ : হোজাইৰ ঠাইচুবালীত বালিৰ অবৈধ বেহা

  •  দৈনিক ১০০ খন ট্ৰেক্টৰেৰে অবৈধভাৱে সৰবৰাহ চলে চোৰাং বালিৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা বাৰে বাৰে নকওঁক কিয় অসমৰ একাংশ বিভাগত আজিও চলি আছে বিয়াগোম দূৰ্ণীতি৷ অসমৰ অন্যান্য বিভাগৰ সমান্তৰালকৈ বন বিভাগত সংঘটিত ভয়ংকৰ দূৰ্নীতিৰ বাবে চৰকাৰে দৈনিক কোটি কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ তাৰপিছতো কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগৰ বিয়াগোম বিষয়াসকল৷ হোজাইৰ ঠাইচুবালীত চলিছে বালিৰ কোটি কোটি টকাৰ চোৰাং ব্যৱসায়৷ কিন্তু হোজাই বন বিভাগৰ বিষয়াসকলৰ ৰহস্যজনক ভূমিকাৰ সুযোগ লৈ এই ঠাইৰ পৰা দৈনিক ১০০-১৫০ ট্ৰেক্টৰেৰে চোৰাং বালি সৰবৰাহ কৰি কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে৷ স্থানীয় ৰাইজে অসমৰ মুখ্য বন সংৰক্ষক, হোজাইৰ উপায়ুক্ত আৰু দক্ষিণ নগাঁও বন সংমণ্ডলক দিয়া তিনিখন অভিযোগ পত্ৰই জোকাৰিছে হোজাই বন বিভাগ৷

অভিযোগ মতে হোজাই ঠাইচুবালীৰ কপিলী নৈৰ পৰা কেৱল ট্ৰেনজিট পাচ ব্যৱহাৰ কৰি বালি খননৰ কাম চলি আছে৷ বালি খননৰ নথি হিচাপে এজন বালি মাফিয়াই ব্যৱহাৰ কৰা TP খন হৈছে আইনে জব্দ কৰি ৫০০ চি এম বালিক জৰিমনা কৰিছে আৰু সেই জৰিমনাক বালি মাফিয়াই CLAIM কৰি পোৱা৷ নদীৰ বুকুত থকা বালিক বালি মাফিয়া এজনৰ স্বত্ব বুলি দাবীদাৰ বনাই CLAIM ৰ অনুমতি দিয়া হল৷ কিন্তু কপিলী নদীৰ বাহিৰে কতো ৫০০ চি এম বালি জব্দ নাই৷ বন বিভাগেৰ নিৰৱতাৰ সুযোগ লৈ ট্ৰেনজিত পাচৰ অপব্যৱহাৰ কৰি কপিলী নদীৰ পৰা বালি খনন চলি আছে৷যাৰ বাবে বন বিভাগে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে৷ কপিলী নৈৰ বুকুৰ পৰা এনেদৰে দৈনিক শ-শ ট্ৰেক্টৰেৰে অবৈধভাবে বালি সৰবৰাহ কৰি থকাৰ পিছতো ৰহস্যজনকভাবে নিৰৱতা অৱলম্বন কৰিছে হোজাই বন বিভাগে । স্থানীয় ৰাইজে বাৰে বাৰে উৰ্ধতন মহলক অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ উপযুক্ত তদন্ত হলেই হোজাইত চলি থকা অবৈধ বালিৰ ছিণ্ডিকেটৰ সকলো তথ্য পোহৰলৈ আহিব৷

You might also like