নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্ৰিম বানত জলমগ্ন জোনাই সদৰ; বিজ্ঞান সন্মত ড্ৰেইন নিৰ্মাণ কৰি সমস্যা সমাধানৰ দাবী ৰাইজৰ

নিয়মীয়া বাৰ্তা ৮ জোনাই জোনাইত মহকুমাত ৰাতিৰ পৰা আৰম্ভ হোৱা এজাগ বৰষুণৰ ফলত জোনাই বজাৰকে ধৰি বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে মানুহৰ স্বাভাৱিক জীৱন যাপনৰ অসুবিধাৰ সৃষ্টি কৰিছে। বিশেষকৈ জোনাইৰ বজাৰ গান্ধী ৰোড, এ এছ টি চি বাছ আস্থান, আৱকাৰী কৰ্যালয়, এছ বি আই বেঙ্ক, হিন্দী এল পি স্কুল, হিন্দী হাই স্কুল, জোনাই টাউন এল পি স্কুল, জোনাইৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ লগতে সকলো গুৰুত্বপূৰ্ণ এলেকাসমূহ কৃত্ৰিম বানপানীৰ ফলত জলমগ্ন হৈ পৰে। উল্লেখ্য যে কৃত্ৰিম বানপানীৰ সমস্যা ৰোধ কৰিবলৈ জোনাই মহকুমা প্ৰশাসন জনপ্ৰতিনিধি আৰু পঞ্চায়তে এই ক্ষেত্ৰত এতিয়ালৈ কোনো পদক্ষোপ লোৱা পৰিলক্ষিত হোৱা নাই।

জোনাই সদৰৰ বিভিন্ন স্থানত অপৰিকল্পিতভাৱে আজি কেবাবছৰ ধৰি নলা নিৰ্মাণৰ কামসমূহ ৰূপায়নৰ কৰিছে যদিও এই আচঁনিসমূহ নিৰ্মাণ কৰোঁতে ব্যায়পক অনিয়ম সংগঠিত হোৱাৰ বাবে আজি এনেদৰে কৃত্ৰিম বানপানীয়ে জোনাই ৰাইজক জলাখলা খোৱাইছে৷ উল্লেখযোগ্য যে পঞ্চায়ত আৰু বিধায়ক উন্নয়ন পুজি লগতে বিভিন্ন শিতানৰ পৰা জোনাই মহকুমা সদৰৰ ড্ৰেইন নিৰ্মাণৰ নামত আজিলৈকে কেবালাখ টকা আৱন্টন কৰা হৈছে যদিও এই ড্ৰেইন সমূহ নিৰ্মাণ কৰোঁতে কোনো পৰিকল্পনা নকৰাকৈ ঠিকাদাৰে অতি নিম্নমানেৰে কাম কৰাৰ ফলত আজি এজাক বৰষুণতে জোনাই সদৰৰ ৰাইজে কৃত্ৰিম বান পানীৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে৷ কৃত্ৰিম বানত পৰা ৰাইজে অতি শীঘ্ৰে পৰিকল্পিতভাৱে ড্ৰেইন নিৰ্মাণ কৰি সমস্যা সমাধান কৰিবলৈ প্ৰশাসনক দাবী জনাইছে৷

You might also like