নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্ৰিম বানত জলমগ্ন নলবাৰী চহৰ; জলমগ্ন নলবাৰী জিলা কাৰাগাৰত হাহাকাৰ কৰ্মচাৰী-কয়দীৰ

নিয়মীয়া বাৰ্তা, ১৫মে’: কৃত্ৰিম বানৰ কৱলত পৰিছে নলবাৰী চহৰ। চহৰখনৰ চাৰিওফালে কেৱল পানী আৰু পানী।বিগত কিছুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত চহৰখনত সৃষ্টি হৈছে ভয়ানক পৰিস্থিতিৰ।আজি চহৰখনত সৃষ্টি হোৱা এনে কৃৃৃৃত্ৰিম বানৰ পৰিৱেশ বাতৰি যুগুতোৱা পৰলৈকে অপৰিৱৰ্তিত হৈ আছে।চহৰত কৃত্ৰিম বানৰ পানী পাৰ্শৱৰ্তী ন-ন অঞ্চল সমূহলৈ বিয়পি ধৰিছে।ইপিনে, নলবাৰীৰ বহু আৱাসিক এলেকাও পানীয়ে বুুুৰাই পেলোৱাত সংশ্লিষ্ট এলেকাৰ বাসিন্দাসকলৰ দুখে কুলাই পাচিয়ে নধৰা হৈছে। খৰালি কালত কুম্ভকৰ্ণ নিদ্ৰাত থকা নলবাৰী পৌৰসভা কিম্বা জিলা প্ৰশাসনৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে এতিয়া ৰাইজে ভুগিবলগীয়া হৈছে দুৰ্ভোগ। স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিয়াগোম নলবাৰী পৌৰসভাৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নলবাৰীৰ নাগৰিকসকলে জীয়াতু ভুগিব লগা হৈছে। এনে পৰিস্থিতিত কৃৃৃত্ৰিম বানত ককবকাই থকা ভুক্তভোগীসকলে এতিয়া পূৰ্বৰ প্ৰচাৰবিমূখ আই এ এছ উপায়ুুুক্ত ডাঃ ওম প্ৰকাশৰ কাৰ্যকালৰ কথা মনলৈ আনিছে।

পৃৰ্বৰ উপায়ুুুক্ত ডাঃ ওম প্ৰকাশে নিজে নলা- নৰ্দমাত নামি পৰি নলাৰ আৱৰ্জনা নিষ্কাশন কৰাত পৰৱৰ্তী দুই-তিনি বছৰলৈ চহৰবাসীয়ে কৃত্ৰিম বানৰ পৰা ৰক্ষা পৰিছিল। লক্ষ্যণীয়ভাবে, তদানীন্তন উপায়ুুুক্ত ডাঃ ওম প্ৰকাশে নিজে ছ’চিয়েল মিডিয়া যোগে এইবোৰ বিষয় কেতিয়াও প্ৰচাৰ কৰা নাছিল।শেহতীয়াভাবে নলা- নৰ্দমা চাফাই নকৰাৰ ফলত চহৰৰ হাজো ৰোড, পি এন চি ৰোড, এন টি ৰোড, এল এন বি ৰোড, উপায়ুুুক্ত কাৰ্যালয়ৰ সন্মুখৰ বৰমা ৰোড, পল্লা ৰোডৰ উপৰি কলেজ ৰোড, আৱৰ্ত ভৱন পথ, গোপাল বজাৰৰ প্ৰেমোদা হোটেলৰ সন্মুখৰ পৰা হাজো ৰোড সংলগ্ন পথ, বিকল্প পথ, উদ্যোগ পামলৈ যোৱা পথ,প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ ঘৰৰ সন্মুখেৰে যোৱা পথ, কাজিপাৰা মালিপাৰা পথকে ধৰি বিভিন্ন পথ, উপপথত কেৱল পানী আৰু পানী৷

লক্ষ্যণীয়ভাবে, জিলা উপায়ুুুক্তৰ আৱাস, জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়াৰ আৱাস চৌহদো কৃত্ৰিম বানত বুৰ যায়।আনহাতে, ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে থকা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদ, ভূঞাৰকুছি, ভকতপাৰা, বিদ্যাপুৰ, শান্তিপুৰ, পুন্যাশ্ৰম, ফৰেষ্ট অফিচৰ সন্মুখভাগ, নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, গৰ্ডন স্কুল, জিলা পৰিষদৰ কাৰ্যালয়, ছোৱালী হাইস্কুল, গড়কাপ্তানি বিভাগৰ কাৰ্যালয়কে ধৰি চহৰস্থ অধিকাংশ কাৰ্যালয় চৌহদতে উঠিছে পানী।

নলবাৰী চহৰত কৃত্ৰিম বানে দিনক দিনে ভয়াবহ ৰূপ লোৱাত বিগত সময়চোৱাত অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ৰূপায়ণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী। এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি সভাপতি পাৰ্থ প্ৰতীম শৰ্মা আৰু সাধাৰণ সম্পাদক কৌশিক বৰ্মনে কয় যে তদানীন্তন নলবাৰী জিলাৰ উপায়ুক্ত ডাঃ ওম প্ৰকাশৰ আশাসুধীয়া প্ৰচেষ্টাৰ বলত এই কৃত্ৰিম বান যথেষ্ট ৰোধ হৈছিল। চহৰৰ নলা- নৰ্দমা সমূহৰ আৱৰ্জনাসমূহ প্ৰনালীবদ্ধভাৱে নিষ্কাষণ কৰাৰ উপৰি নলা- নৰ্দমাসমূহত যাতে কোনো দুষ্ট প্ৰকৃতিৰ লোকে জাৱৰ- জোথৰ পেলাই নলা- নৰ্দমাৰ পানীৰ গতি ৰোধ কৰিব নোৱাৰে তাৰ বিৰুদ্ধেও কঠোৰতাৰে উপযোগী ব্যৱস্থা গ্ৰহণ কৰিছিল তদানীন্তন উপায়ুক্ত গৰাকীয়ে। কিন্তু পৰিতাপৰ বিষয় ডাঃ ওম প্ৰকাশৰ বদলিৰ পিছত পৰৱৰ্তী উপায়ুক্তসমূহৰ কাৰ্যদক্ষতা তেনেধৰনৰ নোহোৱাত নলবাৰীৰ কৃত্ৰিম বানে সকলো শ্ৰেণীৰ নাগৰিককে জীয়াতু ভোগাইছে। নলবাৰী চহৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত স্থানীয় বিধায়ক গৰাকীয়ে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা নোলোৱাত এইবাৰ নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি মন্ত্ৰিত্বৰ দায়িত্ব লৈ থকা চন্দ্ৰ মোহন পাটোৱাৰীয়েও চকু মুদা কুলিৰ ভাঁৱত অৱতীৰ্ণ হোৱাৰ বাবে নলবাৰী চহৰৰ সামগ্ৰিক উন্নয়ন স্থৱিৰ হৈ পৰিছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ধাৰাবাহিকভাৱে নলবাৰী চহৰৰ সামগ্ৰিক উন্নয়ন, নলবাৰী চহৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধান তথা নলা- নৰ্দমাসমূহ বিজ্ঞান সন্মতভাৱে নিৰ্মাণৰ দাবী জনাই আহিছে। সেয়েহে, নলবাৰী জিলাৰ মন্ত্ৰী, বিধায়ক, উপায়ুক্ত তথা স্থানীয় প্ৰশাসনে অতিশীঘ্ৰে কৃত্ৰিম বান ৰোধৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহন কৰিবলৈ পুনৰবাৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে।

  জলমগ্ন নলবাৰী জিলা কাৰাগাৰ-
নেৰানেপেৰা বৰষুণৰ ফলত নলবাৰী চহৰত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। নলবাৰী জিলা কাৰাগাৰো বানৰ কবলত পৰিছে।জিলা কাৰাগৰৰ ভিতৰভাগ মুল প্ৰৱেশদ্বাৰৰ লগতে কাৰাগাৰত কৰ্মৰত কৰ্মচাৰী সকলৰ আৱাসগৃহ সমূহো পানীৰে উপচি পৰাত কৰ্মচাৰী সকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।লগতে কৃত্ৰিম বানকলৈ কাৰাগাৰখনৰ কয়দী সকলৰ মাজতো লাগিছে হাহাকাৰ।
প্ৰতিবছৰে বাৰিষাৰ সময়ত কাৰাগাৰ খন কৃত্ৰিম বানৰ কবলত পৰাৰ পিছতো বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি নলবাৰী জিলা কাৰাগাৰত কৰ্মৰত কৰ্মচাৰী সকলে অতিশীঘ্ৰে চৰকাৰক কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

 

প্ৰেৰকঃ অৰূপ ৰঞ্জন বৰ্মন

You might also like