কেঁচা সোণৰ গহনাৰ ব্যৱসায়ীক হানি–খুঁচি হত্যা
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ নগাঁও সদৰ থানাৰ অন্তর্গত ৰণথলীৰ ৰজাভেটিত সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা৷ জানিব পৰা মতে, ছুৰিকাঘাতৰ এক ঘটনাত মৃত্যুক সাবটি ল’লে প্রশান্ত বণিয়া নামৰ কেঁচা সোণৰ ব্যৱসায়ৰ লগত জড়িত যুৱকজনে৷ স্থানীয় সূত্রই জনোৱা মতে, ৰিমন শইকীয়া আৰু নিতুল শইকীয়া নামৰ দুই যুৱকে চোকা অস্ত্রৰে আক্রমণ কৰাত গুৰুতৰভাৱে আহত হৈছিল প্রশান্ত বণিয়া৷ পাছত পৰিয়ালৰ লোকে ততাতৈয়াকৈ গুৰুতৰভাৱে আহত প্রশান্তক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে প্রশান্ত বণিয়াক মৃত বুলি ঘোষণা কৰাৰ৷ জানিব পৰা মতে, ধনৰ লেনদেনৰ বাবেই এই ঘটনা সংঘটিত হৈছে৷ এই ঘটনাক কেন্দ্র কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ইতিমধ্যে ঘটনা সন্দর্ভত ননৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে অভিযুক্তসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে সংবাদ মাধ্যমৰ ওচৰত এই বিষয়ে একো ক’ব বিচৰা নাই৷ উল্লেখ্য যে প্রশান্ত বণিয়া নগাঁও চহৰৰ এখন কেঁচা সোণৰ গহনাৰ বিপণীৰ স্বত্বাধিকাৰী৷