কেন্দ্রই পুৰণি বিদেশী ন্যায়াধিকৰণত দায়িত্ব দিব নতুন সদস্যক
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ নতুনকৈ নিযুক্তি প্রদান কৰা ২০০ বিদেশী ন্যায়াধিকৰণৰ সদস্যক দায়িত্ব অর্পণক লৈ অব্যাহত থকা অচলাৱস্থা অৱশেষত দূৰ হোৱাটো নিশ্চিত হৈ পৰিছে৷ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) প্রকাশৰ পিছত নিযুক্তি দিয়া এই সদস্যসকলক পুৰণি বিদেশী ন্যায়াধিকৰণসমূহত্ দায়িত্ব অর্পণত সন্মতি প্রদান কৰিছে কেন্দ্রীয় চৰকাৰে৷
বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ৰ মজিয়াত এই কথা সদৰী কৰিছে ৰাজ্য চৰকাৰে৷
উল্লেখ্য যে এন আৰ চিৰ পৰা বাদ পৰা লোকসকলৰ গোচৰ নিষ্পত্তিৰ বাবে কেন্দ্রীয় চৰকাৰে ৰাজ্যত অতিৰিক্তভাৱে ২০০খন বিদেশী ন্যায়াধিকৰণ স্থাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ সেই অনুসৰি পূর্বৰ খালী হৈ থকা ২১টা পদকে ধৰি নতুন বিদেশী ন্যায়াধিকৰণৰ বাবে ২২১জন সদস্য নিযুক্তিও দিয়া হৈছিল৷ কিন্তু নিযুক্তিৰ পিছতো তেওঁলোকক দায়িত্ব অর্পণ কৰা হোৱা নাছিল৷
ইপিনে, এক নিজাববীয়া গোচৰযোগে বিদেশী ন্যায়াধিকৰণৰ আন্তঃগাঁথনি আৰু নিয়মীয়া কাম–কাজ উচ্চ ন্যায়ালয়ে নিৰীক্ষণ কৰি আহিছে৷ শেহতীয়াকৈ নতুনকৈ নিযুক্তি দিয়া সদস্যসকলক দায়িত্ব অর্পণৰ ক্ষেত্রত ৰাজ্য চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ নির্দেশ দিছিল উচ্চ ন্যায়ালয়ে৷