কোচ ৰাজবংশীসকলক অন্ধকাৰত ৰাখি বিটিআৰ চুক্তি- হিতেশ্বৰ বৰ্মন
নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ পৃথক কমতাপুৰ ৰাজ্য গঠন, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু সাংবিধানিক সুৰক্ষাৰ দাবীত কোকৰাঝাৰৰ ডিমলগাঁৱৰ বাখৰাত এক বিশাল গণসমাৱেশ অনুষ্ঠিত হয়৷ আক্রাছুৰ উদ্যোগত তথা কোচ ৰাজবংশী সাহিত্য সভা, কোচ ৰাজবংশী সন্মিলনী, কোচ ৰাজবংশী মহিলা সমিতি, চিলাৰায় সেনা আদিকে ধৰি আন কেইবাটাও সংগঠনৰ সহযোগত অনুষ্ঠিত এই বিশাল গণসমাৱেশ কার্যতঃ পৰিণত হয় জনসমুদ্রত৷ বি টি এ ডিৰ ভিন্ন প্রান্তৰ পৰা অহা কোচ ৰাজবংশী জনগোষ্ঠীৰ বৃহৎসংখ্যক জনতাই ডিমলগাঁও পথাৰত উপস্থিত হৈ নিজৰ প্রাপ্য অধিকাৰৰ দাবীত সৰৱ হৈ পৰে৷ সমৱেত জনতাক সম্বোধি আক্রাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে কোচ ৰাজবংশীসকলক চৰকাৰে মাথোঁ প্রতাৰণাহে কৰি আহিছে৷ প্রতিটো দলেই নির্বাচনৰ পূর্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানৰ প্রতিশ্রুতি দিয়ে যদিও সময়ত সেয়া ফুটুকাৰ ফেন হয়৷ ২০২১ চনৰ বিধানসভা নির্বাচনৰ পূর্বে কোচ ৰাজবংশীৰ দাবী পূৰণ কৰিবলৈ আহ্বান জনাই তেওঁ পুনৰ কয়– ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ ভূমি ভগাই দি চৰকাৰে থানবান কৰিলে৷ চৰকাৰখন কোচ ৰাজবংশী জনতাৰ প্রতি যে উদাসীন, সেয়া ইতিমধ্যেই প্রমাণিত হৈছে৷ ইপিনে আক্রাছুৰ উপদেষ্টা হিতেশ্বৰ বর্মনে নিজ ভাষণত চৰকাৰে কোচ ৰাজবংশীক মাথোঁ প্রতাৰণা কৰিছে বুলি উল্লেখ কৰি কোচ ৰাজবংশীসকল আজি নিজ ভূমিত বঞ্চিত, লাঞ্ছিত আৰু শোষিত বুলি মন্তব্য কৰে৷ নিজৰ শক্তি প্রদর্শনৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনায়৷ তেওঁ কয় যে কোচ ৰাজবংশীয়ে ধৈর্যৰ সীমা হেৰুৱাই পেলাইছে৷ জনজাতিকৰণকে ধৰি আন দাবীসমূহ শীঘ্রে পূৰণ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব৷ তদুপৰি বি টি আৰ চুক্তিৰ ওপৰত নিজৰ অসন্তুষ্টি প্রকাশ কৰি বর্মনে কোচ ৰাজবংশীক আন্ধাৰত ৰাখি এনে চুক্তি সম্পাদন কৰা হৈছে বুলি ক্ষোভ প্রকাশ কৰি বি টি আৰত কোচ ৰাজবংশীক বিশেষ মর্যাদা প্রদান কৰিবলৈ দাবী উত্থাপন কৰে৷ কোচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদ গঠনক লৈ আশ্বস্ত নহয় বুলি উল্লেখ কৰি তেওঁ পৰিষদৰ সীমা বৃদ্ধি কৰিবলৈ দাবী তোলে৷ আনহাতে, আক্রাছুৰ প্রাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কয় যে হাগ্রামা মহিলাৰীয়ে নির্বাচনৰ পূর্বে কোচ ৰাজবংশীৰ জনজাতিকৰণৰ কথা কৈছিল৷ কিন্তু তেওঁ দিল্লী–দিছপুৰত গৈ কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিৰোধিতা কৰে৷ আজিৰ গণসমাৱেশত কোচ ৰাজবংশী সাহিত্য সভা, কোচ ৰাজবংশী মহিলা সমিতি, কমতাপুৰী শিল্পী সমাজৰ নেতৃবৃন্দকে ধৰি আছাৰ সভাপতি ষ্টিফেন লাক্রা, গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃবৃন্দও উপস্থিত আছিল৷