নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইন কেন্দ্ৰৰ বাবে বঙাইগাঁও শোধনাগাৰৰ জিলা প্ৰশাসনক বিচনা প্ৰদান

নিয়মীয়া বাৰ্তা,১৪ জুলাইঃ সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি  ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ চলিছে। আমাৰ দেশৰ অন্যান্য ৰাজ্যৰ লগতে আমাৰ ৰাজ্যখনতো ক’ৰোনাৰ বিৰুদ্ধে  বিজয়ী হোৱাৰ মানসিকতাৰে চৰকাৰ প্ৰশাসনৰ লগতে বহু ব্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰত্যক্ষ নাইবা পৰোক্ষ ভাৱে যুঁজত নামিপৰিছে । বঙাইগাঁও শোধনাগাৰ চমুকৈ বি জি আৰেও সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণেৰে ক’ৰোনা নিয়ন্ত্ৰণ তথা নিৰ্মূলকৰণ যুঁজ খনত সহায়-সহযোগিতা আগবঢ়াই আহিছে।ইয়াৰে অংশ হিচাপে অলপতে শোধনাগাৰ কৰ্তৃপক্ষই বঙাইগাঁও জিলা প্ৰশাসনক জিলাখনত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰৰ সহায়ক হোৱাকৈ ৫০০ বিচনা প্ৰদান কৰে। বি জি আৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ প্ৰধান অমৰেন্দ্ৰ কলিতাই জিলা উপায়ুক্ত ড° এম এছ লক্ষ্মীপ্ৰিয়াৰ হাতত আনুষ্ঠানিকভাবে প্ৰতিকী ৰূপত খন বিচনা অৰ্পণ কৰে। আনুষ্ঠানিকতাৰ  পিছত বাকী বিচনাবোৰ উপায়ুক্তৰ কাৰ্যালয়ে শোধনাগাৰ কৰ্তৃপক্ষৰ পৰা চমজি লয়। অনুষ্ঠানত বঙাইগাঁও শোধনাগাৰৰ মহাপ্ৰৱন্ধক( উৎপাদন বিভাগ) ধনজিৎ বৈশ্য আৰু ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক( মানব সম্পদ) জৰ্জ ঈছৱাৰী উপস্থিত আছিল। পূৰ্বেও শোধনাগাৰ কৰ্তৃপক্ষই বঙাইগাঁও জিলা প্ৰশাসনক ৫৫৫ খন বিচনা প্ৰদান কৰিছিল। আনহাতে চিৰাং জিলা প্ৰশাসনকো একেই উদ্দেশ্যৰে বিজিআৰ কৰ্তৃপক্ষই  ৫০০ কুচনযুক্ত বিচনা প্ৰদান কৰা বুলি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰে

You might also like