নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা: সর্থেবাৰীত ১৪ দিনৰ লকডাউন ঘোষণা

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ সর্থেবাৰীত ক’ৰোনা ভাইৰাছৰ সংক্রমণে উদ্বিগ্ণতাৰ সৃষ্টি কৰিছে৷ সর্থেবাৰী ৰাজহ চক্রৰ অন্তর্ভুক্ত কেইবাখনো গাঁৱত ইতিমধ্যে কেইবাগৰাকীও ক’ভিড পজিটিভ ৰোগী চিনাক্ত হৈছে৷ কালি সর্থেবাৰী উপ–কোষাগাৰৰ দুজনকৈ কর্মচাৰী ক’ৰোনাত আক্রান্ত হোৱাত সর্থেবাৰী অঞ্চলত অধিক উদ্বিগ্ণতাই বিৰাজ কৰিছে৷

ইপিনে, সর্থেবাৰী হাট–বজাৰত দৈনিক যথেষ্ট মানুহৰ ভিৰ হয়৷ আৰু এই হাট–বজাৰত নৱজিৎ বর্মনেও বজাৰ কৰি ঘূৰি ফুৰিছিল৷ যিহেতু সর্থেবাৰী হাট –বজাৰত দৈনিক যথেষ্ট মানুহৰ সমাগম হয়, গতিকে এই সমাগম বন্ধ কৰাৰ প্রতি লক্ষ্য কৰি প্রশাসনৰ ফালৰ পৰা সর্থেবাৰী হাট–বজাৰত লকডাউন ঘোষণা কৰে৷ আজি ঘোষণা কৰা নির্দেশনা অনুসৰি কাইলৈৰ পৰা সর্থেবাৰী হাট–বজাৰ ১৪ দিনৰ বাবে লকডাউনৰ নীতি–নিয়ম অনুসৰি বন্ধ

You might also like