নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি হ’লেও স্বাস্থ্য বিভাগ সাজু

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ অহা আগষ্ট মাহত ক’ৰোনা আক্রান্তৰ সংখ্যা ৬৫ হাজাৰ অতিক্রম কৰিব বুলি শেহতীয়াকৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে অসম চৰকাৰলৈ প্রেৰণ কৰা বার্তাক লৈ সৃষ্টি হোৱা শংকাৰ মাজতে যিকোনো পৰিস্থিতি চম্ভালিবলৈ স্বাস্থ্য বিভাগ সাজু বুলি মন্তব্য কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি তিনিচুকীয়াৰ লোকপ্রিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয় পৰিদর্শনৰ সময়ত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত এইদৰে মন্তব্য কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে ক’ৰোনাকেন্দ্রিক পৰিৱেশ চম্ভালিবলৈ স্বাস্থ্য বিভাগৰ হাতত পর্যাপ্ত পৰিমাণৰ পি পি ই কিট, টেষ্টিং কিট আৰু দৰব মজুত আছে৷ সমান্তৰালভাৱে বিভাগে ক’ৰোনা আক্রান্তসকলক ৰখাৰ বাবে প্রতিখন জিলাতে শেহতীয়াকৈ নির্মাণ কৰি উলিয়াইছে ক’ভিড কেয়াৰ চেণ্টাৰ৷

আনহাতে, কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ সমীক্ষা অনুসৰি অসমত আগষ্ট মাহত ক’ৰোনা আক্রান্তৰ সংখ্যা ৬৫ হাজাৰ হোৱাৰ যি সম্ভাৱনা ব্যক্ত কৰিছে, সেই সন্দর্ভত মন্ত্রী ড০ শর্মাই কয় যে লকডাউনকে ধৰি অসমত গ্রহণ কৰা বহু প্রতিৰোধী ব্যৱস্থাৰ বাবে অহা মাহত এই সংখ্যা ৪০ হাজাৰৰ পৰা ৫০ হাজাৰত সীমাবদ্ধ থকাৰ সম্ভাৱনা অধিক৷ কেন্দ্রীয় চৰকাৰে অসমৰ ক্ষেত্রত গ্রহণ কৰা ক’ৰোনা প্রতিৰোধী ব্যৱস্থাসমূহক তেওঁলোকৰ সমীক্ষাৰ আওতালৈ অনা নাই৷ সেয়েহে অনুমান কৰা অনুসৰি এই সংখ্যা হ্রাস পোৱাৰ সম্ভাৱনা অধিক৷ উল্লেখ্য যে তিনিচুকীয়া জিলাত ক’ৰোনাই জটিল ৰূপ ধাৰণ কৰাৰ সময়তে জিলাখনৰ উপায়ুক্ত ভাস্কৰ পেগু, যুটীয়া স্বাস্থ্য সঞ্চালক আলতাফ আহমেদকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়া শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি চিকিৎসালয় পৰিদর্শন কৰাৰ লগতে ইয়াৰ লগত সংলগ্ণ ক’ভিড কেয়াৰ চেণ্টাৰো পৰিদর্শন কৰে৷ স্বাস্থ্যমন্ত্রীগৰাকীক এই সময়ছোৱাত সংগ দিয়ে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ মৃদুল গগৈৰ লগতে জ্যেষ্ঠ চিকিৎসকসকলে৷ ইয়াৰ পাছতে মন্ত্রীগৰাকীয়ে চিকিৎসকসকলৰ সৈতে এক পর্যালোচনা বৈঠকত মিলিত হয়৷ পাছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত তেওঁ কয়– তিনিচুকীয়াত বর্তমান ২৭০জন লোক ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷

ইয়াৰে ৪জনৰ অৱস্থা গুৰুতৰ হোৱা হেতু ডিব্রুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ উল্লেখ্য যে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া আৰু তেওঁৰ পত্নী শুভলক্ষ্মী চেতিয়াৰ শেহতীয়াকৈ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ হৈছে৷ মন্ত্রী ড০ শমাই বিধায়ক বলীন চেতিয়াৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আজি তেওঁ স্ব–গৃহলৈ যাব বুলিও জানিবলৈ দিয়ে৷ আন এক প্রসংগত মন্ত্রীগৰাকীয়ে কয় যে ৰাজ্যত আটাইতকৈ সংক্রামিত চহৰ হিচাপে চিহ্ণিত হৈছে যোৰহাট, গোলাঘাট, শিলচৰ আৰু গুৱাহাটী৷ সেয়েহে ২২ জুলাইৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ কৰা হৈছে৷ যাতে এই চহৰকেইখনৰ পৰা সংক্রমণ বিয়পিব নোৱাৰে৷ ইফালে তিনিচুকীয়া আৰু ডিব্রুগড়ত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি শীঘ্রে ক’ভিড চিকিৎসাৰ বিছনাৰ সংখ্যা বৃদ্ধি কৰাৰ চিন্তা–চর্চা কৰি আছে বুলিও তেওঁ জানিবলৈ দিয়ে৷

You might also like