নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আক্ৰান্তই ঘূৰি ফুৰিছে দোকান-পোহাৰ, অভয়াপুৰীত আতংক

নিয়মীয়া বাৰ্তা,২৫ জুনঃ ক’ভিড পজিটিভ লোকে দোকান-পোহাৰকে ধৰি বজাৰ-হাট ঘূৰি ফুৰাত ৰাইজৰ মাজত আতংকময় পৰিৱেশ। চৰকাৰী বিধি বিধান নামানি অভয়াপুৰী চহৰত ক’ভিড ১৯ সংক্ৰমিত ব্যক্তি ঘূৰি ফুৰাকলৈ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে।

প্ৰাপ্ত বাতৰি মতে অভয়াপুৰীৰ নিকটৱৰ্তী হৰিপুৰৰ এজন ব্যক্তিৰ দেহত কভিড ১৯ৰ উপস্থিতি ধৰা পৰে। ব্যক্তিজন কভিড সংক্ৰমিত বুলি নিশ্চিত হোৱাৰ পিছতেই বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও বিগত সময়চোৱাত সংক্ৰমিত ব্যক্তিজন বঙাইগাঁও উপায়ুক্তৰ কাৰ্যালয়, বেংক, বজাৰ আদিত ঘুৰি ফুৰা প্ৰত্যক্ষ কৰা ৰাইজে জিলাখনত গণ সংক্ৰমণৰ শংকাত ভুগিব লগা হৈছে।

জানিব পৰা মতে বঙাইগাঁৱৰ ৰাজ আগৰৱালা নামৰ ব্যক্তিজনৰ প্ৰতিষ্ঠানত একাউণ্টেট হিচাপে কৰ্মৰত অভয়াপুৰী হৰিপুৰৰ ব্যক্তিজন বিগত ১৭ জুনত জ্বৰ -চৰ্দিত আক্ৰান্ত হৈছিল।পিছদিনা ব্যক্তিজন বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে যোৱাত তাতেই তেওঁৰ স্বোৱাব সংগ্ৰহ কৰি চিকিৎসকে লোকজনক হোম কোৱাৰেণ্টাইনৰ বাবে পৰামৰ্শ দিয়ে।

সেই মতে লোকজনে বঙাইগাঁও কল বজাৰৰ বাসগৃহত ২১ জুনলৈ হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থাৰ মাজত আছিল যদিও ২২ জুনত পুনৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ আহে।  সেইদিনাই লোকজন বঙাইগাঁৱৰ পৰা অভয়াপুৰীৰ বাসস্থানলৈ আহে। ২৩ জুনত লোকজন অভয়াপুৰী চহৰলৈ অহাৰ লগতে পত্নীক কৰ্মস্থান মাণিকপুৰলৈ থবলৈ যায়।

সেইদিনাই লোকজনে অভয়াপুৰী চহৰৰ কেবাখনো দোকানৰ উপৰিও পাচলি বজাৰ, মাংসৰ দোকানলৈ গৈছিল। ২৪ জুনতো লোকজন অভয়াপুৰী চহৰত মাছৰ বজাৰলৈ আহিছিল। উক্ত দিনাই দুপৰীয়া লোকজনৰ স্বোৱাব টেষ্টৰ ৰিপৰ্ট পজিটিভ অহাত লোকজনক বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

কভিড ১৯ লক্ষণযুক্ত এজন ব্যক্তিৰ স্বোৱাবৰ নমুনা সংগ্ৰহৰ পিছত পৰীক্ষাৰ ৰিপৰ্ট নহাকৈয়ে এনেদৰে কেনেকৈ ঘূৰি-ফুৰাৰ সুযোগ পালে ইয়াকে লৈ ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে। আনহাতে পজিটিভ লোকজনে ঘুৰি ফুৰা স্থান সমূহত জনসমাগম অধিক হোৱাত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে।

উল্লেখযোগ্য যে এইগৰাকী ব্যক্তিয়েই যোৱা ১৬ আৰু ১৭ জুনত বঙাইগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, বঙাইগাঁও ষ্টেট বেংক, ইণ্ডিয়ান বেংক, লক্ষ্মী মেডিকেল ষ্টৰ আদিলৈ যোৱাৰ লগতে কেইবাবাৰো অট’ৰিক্সা ব্যৱহাৰ কৰিছিল। ২২ জুনতো লোকজন উপায়ুক্তৰ কাৰ্যালয়লৈ যোৱা বুলিও জানিব পৰা গৈছে । ইপিনে লোকজনৰ সংস্পৰ্শলৈ অহা পত্নীসহ কেইবাগৰাকী লোকক কোৱাৰেন্টাইন কৰা বুলি জানিব পৰা গৈছে।

You might also like