নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খটৰা সত্রৰ ১৫০ বছৰীয়া জয়ন্তী: উখল–মাখল গোবিন্দ আতা ক্ষেত্র

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ দৰঙৰ ঐতিহ্যপূর্ণ খটৰা সত্রত শুকুৰবাৰৰে পৰা আৰম্ভ হোৱা চাৰিশ পঞ্চাশ বছৰীয়া জয়ন্তীৰ কালি দ্বিতীয় দিনটোত ভকত–বৈষ্ণৱৰ পদধূলি আৰু ভকতিৰ অমিয়া সুৰত সত্রৰ গোবিন্দ আতা ক্ষেত্র দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয়৷ ৰাতি উলিওৱা হয় সাংস্কৃতিক শোভাযাত্রা৷ প্রায় আঠ কিলমিটাৰ পথ অতিক্রম কৰি আকাশ–বতাহ মুখৰ কৰে৷ সত্রৰ মণিকূটৰ আর্হিৰে নৌকা সজ্জিত যানত ভাগৱত সংস্থাপন কৰি উলিওৱা এই শোভাযাত্রাত প্রায় পাঁচ হাজাৰ ভকত–বৈষ্ণৱে অংশগ্রহণ কৰে৷ গায়ন–বায়নে হৰি কীর্তন কৰাৰ লগতে গ্রাম্য জীৱনৰ ৰোৱনী–বোৱনী, শিপিনী, মাছুৱৈ, কৃষকৰ বেশ–ভূষা পৰিধান কৰি শোভাযাত্রাত চামিল হয়৷ সেইদৰে বডো, কছাৰী, নেপালী, কোচ জনগোষ্ঠীৰ কেইবাটাও সাংস্কৃতিক দলে শোভাযাত্রাত ভাগ লয়৷ বিহু, ওজাপালি, ব্যাসৰ ওজাপালি ঢ়েপাঢুলীয়া, খটৰা সত্রৰ প্রাচীন সংস্কৃতি খুলীয়া ভাউৰীয়া, সত্রৰ দধিমথন, দৰঙৰ অনন্য সংস্কৃতি মহৌ খুন্দা আৰু খটৰা সত্রলৈ যাত্রীয়ে দৈনিক নৈবদ্য অনাৰ দৃশ্য আছিল শোভাযাত্রাৰ বিশেষ আকর্ষণ৷ ইয়াৰ পাছতেই মঙলদৈৰ বিশিষ্ট সত্রীয়া শিল্পী কুশল ডেকাৰ তত্ত্বাৱধানত চাৰিশ পঞ্চাশগৰাকী শিল্পীৰ দ্বাৰা কৃষ্ণ নৃত্য প্রদর্শন কৰা হয়৷ ইয়াৰ পিছতেই সত্র পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্র মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হয় প্রথম মুকলি সভা৷ ইয়াৰ পাছতেই তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি বিভাগৰ অৱসৰী অধ্যাপক ড০ প্রদীপজ্যোতি মহন্তই নির্দিষ্ট বক্তাৰ ভাষণত কয়– ‘কলা ধর্মৰ হাতধৰা লগৰী৷ কিয়নো শংকৰদেৱৰ ধর্ম নামৰ আধ্যাত্মিক যাত্রাতো মূলতঃ কলাৰ সমাহাৰ লক্ষ্য কৰা যায়৷ শংকৰদেৱে দি যোৱা মুখ্য গুৰু আসনখনলৈ যদি লক্ষ্য কৰোঁ তাৰ কলাসুলভ তত্ত্ব আৰু তেওঁৰ সৃষ্ট অংকীয়া নাট–ভাওনা,বৰগীত আদিত যি ব্যঞ্জনা দেখা পোৱা যায় ইয়াৰ কলাসুলভ তত্ত্ব অতি উচ্চ৷ গতিকে শংকৰদেৱে দি যোৱা একশৰণ ধর্মত কলা এৰাব নোৱাৰাকৈ সংপৃক্ত হৈ আছে৷ তেওঁ আৰু কয়– শংকৰদেৱে অসমীয়া জাতিলৈ যি অৱদান দি গ’ল ই পৃথিৱীতে বিৰল৷ সেইদৰে জাতীয়তাবাদ নির্মাণৰ ভেটিও শংকৰদেৱেই শিকায় থৈ গৈছে৷ সভাত শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রাক্তন পদাধিকাৰ ভবেন্দ্র চন্দ্র ডেকাই বিশিষ্ট অতিথিৰ আসনত শংকৰদেৱৰ আদর্শক পদে পদে অনুধাৱন কৰিলে জাতি মাটিৰ কেতিয়াও সংশয় নাহে বুলি উল্লেখ কৰি শংকৰদেৱৰ সাহিত্য, সংস্কৃতি আৰু ধর্ম সম্পর্কত বিভিন্ন দিশ আলোকপাত কৰে৷ সভাত বডো সাহিত্য সভাৰ সভাপতি তৰেন বডোই ভাগ লৈ সংস্কৃতি ৰক্ষাৰ বাবে সকলোকে আহ্বান জনায়৷ তেওঁ কয় যে শংকৰদেৱৰ দৰে গুৰুজনাসকলে দি যোৱা সংস্কৃতি আজি বিপদাপন্ন৷ এনে হ’লে সমাজত সকলোৱে চকুপানী টুকিব লাগিব৷ সভাত দৰং কবি সন্মিলনীৰ সভাপতি ডাঃ কমলা শর্মা সত্রাধিকাৰ হীৰুপ্রসাদ মহন্ত আৰু দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্র ৰাজবংশীয়েও ভাগ লয়৷

You might also like