নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খনামুখত অসম নেপালী সাহিত্য সভাৰ শোণিতপুৰ জিলা সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান আৰু কৰ্মশালা সম্পন্ন

নিয়মীয়া বাৰ্তা, ৫ মে’: শোণিতপুৰৰ খনামুখৰ খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি অসম নেপালী সাহিত্য সভাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত নতুন সমিতিৰ এক শপত গ্ৰহণ অনুষ্ঠান আৰু সৃজনীমূলক লেখন ( গল্প লেখন ) বিষয়ত এখন কৰ্মশালা অনুষ্ঠিত হয় । অনুষ্ঠানত সভাপতি অনিল গৌতমক সভাপতি হিচাপে লৈ নতুনকৈ গঠন হোৱা শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে শপত গ্ৰহণ কৰে । শপত বাক্য পাঠ কৰোৱায় সাহিত্য অকাডেমী অনুবাদ পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক জ্ঞান বাহাদুৰ ছেত্ৰীয়ে । অনুষ্ঠানতেই ড০ ঢুন্দিৰাজ উপাধ্যায়ৰ দ্বাৰা লিখিত ” অসমত গোৰ্খাসকলৰ নাট্যচৰ্চা ” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে দক্ষিণা দেৱী গজুৰেলে । অনুষ্ঠানৰ দ্বিতীয় সত্ৰত অৰুণ ভট্টৰায়ৰ সঞ্চালনাত অনুষ্ঠিত সৃজনীমূলক লেখন বিষয়ক কৰ্মশালাত সমল ব্যক্তি হিচাপে ভূটানৰ লেখক চত্ৰপতি ফয়েল উপস্থিত থাকে । সমল ব্যক্তিগৰাকীয়ে সৃজনীমূলক লেখনৰ সংজ্ঞা, তাৎপৰ্য , সৃজনীমূলক লেখাৰ বিকাশৰ বাবে আৱশ্যকীয় কৌশলৰসমূহৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক মত-বিনিময়ৰ মাজেদি অৱগত কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসম নেপালী সাহিত্য সভাৰ মূল সচিব মদন থাপা, কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মা, অসম নেপালী সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি অনিল গৌতম, সম্পাদক মহিম আচাৰ্য, সাহিত্যিক ছত্ৰমান চুব্বা, অসম নেপালী সাহিত্য সভাৰ আজীৱন সদস্য প্ৰাঞ্জল প্ৰতিম বৰা, শিক্ষক ভুবন ছেত্ৰী, সমাজকৰ্মী মোহন উপাধ্যায়, অসম গোৰ্খা সন্মিলনৰ গকুল বছনেত, শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক চুব্বা, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিষ্ণু শাস্ত্ৰী, দিল্লীৰাম খনাল, অসম নেপালী সাহিত্য সভাৰ সচিব নৱপ্ৰভা অধিকাৰী, হেমন্ত ভট্টৰাইৰ লগতে অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু শাখা সমিতিসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে । অনুষ্ঠানত গোৰ্খা জনগোষ্ঠীয় নৃত্য-গীতো পৰিৱেশন কৰা হয় । উল্লেখ্য যে অসম নেপালী সাহিত্য সভাই ইতিমধ্যে বিভিন্ন জিলা সমিতিসমূহৰ সহযোগত বিশ্বনাথ চাৰিআলি, বাক্সাৰ নিকাচি, ওদালগুৰিত সৃজনীমূলক লেখন বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰি সাহিত্যত নৱচেতনা আনিবলৈ সৎ প্ৰয়াস কৰিছে ।

প্ৰেৰক :: প্ৰাঞ্জল প্ৰতিম বৰা, বালিপৰা

You might also like