খাদ্যত বিহ মিহলাই জীৱশ্রেষ্ঠৰ নৃশংসতাঃ কাজিৰঙাৰ ডলামৰাত পোৱালিসহ গাভিনী হাতীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: ৰাজ্যত হস্তী–মানুহৰ সংঘাতৰ ঘটনাহ সঘনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকাৰ মাজতে দেওবাৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ দক্ষিণে দুটাকৈ হাতীৰ কৰুণ মৃত্যুৰ ঘটনাই ব্যথিত কৰিছে প্রকৃতিপ্রেমী ৰাহজক৷ খাদ্যৰ বিষক্রিয়াৰ ফলতেই দুটাকৈ বন্যহস্তীয়ে কৰুণ মৃত্যুক সাবটি লোৱাৰ সন্দেহ কৰা হৈছে৷
জানিব পৰা অনুসৰি, গোলাঘাট–কার্বি আংলং জিলাৰ সীমান্তৱর্তী ডলামৰা বৰভেটাৰ আমলখি সোণ ফাংচ’ চাহ বাগিচাত এহ কৰুণ ঘটনা সংঘটিত হৈছে৷ অঞ্চলটোৰ ৰাইজে জনোৱা অনুসৰি খাদ্যৰ সন্ধানত ওলাহ অহা হাতীয়ে উক্ত এলেকাটোত সঘনে বিচৰণ কৰে৷ কালি নিশাও এটা বনৰীয়া হাতীৰ জাকে অঞ্চলটোত বিচৰণ কৰিছিল৷ যাৰ বাবে অঞ্চলটোৰ কোনো লোকে কীটনাশক ঔষধ দি হাতীকেহটাক হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাহজে৷ কিয়নো যোৱানিশা ১১–১২ বজাত বন্যহস্তীৰ কৰুণ আর্তনাদ শুনিবলৈ পাহছিল স্থানীয় ৰাহজে৷ কালি পুৱা স্থানীয় লোকে দুটা মৃত বন্যহস্তী প্রত্যক্ষ কৰে৷ দুয়োটা মাতৃ আৰু পোৱালি বুলি নিশ্চিত হৈছে৷ মাতৃ হাতীজনীৰ বয়স ২০ বছৰ আৰু মতা পোৱালিটোৰ বয়স ৪ বছৰ হ’ব বুলি বন বিভাগে জানিবলৈ দিছে৷ মৃত হাতীজনী গাভিনী আছিল বুলি পিছত প্রকাশ পায়৷ ৰাইজে হাতীৰ মৃতদেহ দুটা প্রত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷
বন বিভাগৰ ডি এফ অ’ ৰমেন গগৈ আৰু পাণবাৰী বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্রৰ চিকিৎসক চামচুল আলী ঘটনাস্থলীত উপস্থিত হৈ প্রাথমিক তদন্ত কৰে৷ মৰণোত্তৰ পৰীক্ষাত খাদ্যৰ বিষক্রিয়াৰ ফলতেহ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে৷ অৱশ্যে কাষৰীয়া চাহ বাগিচাখনৰ মালিক পক্ষহ ইলেক্ট্রিক ফেন্সিৰঙৰ বাবেও উক্ত ঘটনা ঘটিব পাৰে বুলি জানিবলৈ দিয়ে৷ সেয়া তদন্ত সম্পূর্ণ হ’লেহে নিশ্চিত হ’ব বুলিও জনায়৷ কিন্তু হাতীকেহটা মৃত্যু হোৱাৰ ধৰণ দেখি সেয়া বিষক্রিয়াৰ ফলতেহ হোৱা বুলি ৰাহজৰ সন্দেহ ঘনীভূত হৈছে৷ হয়তো বিষক্রিয়াৰ ফলত মাতৃ–পোৱালি দুয়োৰে তীব্র পিয়াহ লাগিছিল আৰু পানী যুৱলিলৈ গৈছিল৷ দুয়োটাৰে মৃতদেহ পৰি থকা স্থান যুৱলি হোৱা বাবে স্থানীয় ৰাইজে এহদৰে সন্দেহ ব্যক্ত কৰে৷ ডলামৰা বনাঞ্চলিক বিষয়াৰ কার্যালয়ৰ মাত্র ১০০ মিটাৰ নিলগতে কৰুণ মৃত্যুক সাবটি ল’লে দুহ মাতৃ–পোৱালিয়ে৷
ৰাইজে জনোৱা অনুসৰি, হাতী দুটাৰ মৃত্যু হোৱা উক্ত স্থান পূর্বে অটব্য হাবি আছিল আৰু হস্তীৰ বিচৰণ ভূমি আছিল৷ উক্ত স্থানত থকা হাজাৰ হাজাৰ চেগুন গছ দুষৃকতিকাৰীয়ে কাটি তহিলং কৰে আৰু উক্ত স্থান পুঁজিপতি মালিক গোষ্ঠীৰ চাহ বাগিচাৰ ঠাহ হৈ পৰিল৷ ডলামৰাৰ বৃহৎ পাহাৰীয়া ভূমিখণ্ডত গছ–বন কাটি চাহ বাগিচা নির্মাণ কৰাৰ বাবেহ বন্যহস্তীৰ বিচৰণ ভূমি সংকুচিত হৈ আহিছে৷ তাৰ পৰিণতিতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাহ আহিবলৈ বাধ্য হৈছে হাতী আৰু এনে কাৰণতে উক্ত কৰুণ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাহজে মন্তব্য কৰিছে৷