নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ পঞ্চদশ বাৰ্ষিক বিদ্যালয় সপ্তাহ আৰম্ভ; প্ৰাচীৰ পত্ৰিকা উন্মোচন

নিয়মীয়া বাৰ্তা, ২৯ নবেম্বৰ: ওদালগুৰি জিলাৰ ব্যক্তিগত খণ্ডৰ এক অন্যতম শিক্ষানুষ্ঠান খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ পঞ্চদশ বাৰ্ষিক বিদ্যালয় সপ্তাহ আৰু অধিৱেশন এক উদুলি-মুদুলি পৰিৱেশত আজিৰ পৰা আৰম্ভ হৈছে । আজি পুৱাৰ ভাগত পতাকা উত্তোলন কৰি বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন মহলীয়াই । পতাকা উত্তোলন কৰি ধীৰেন মহলীয়াই ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে শিক্ষানুষ্ঠানত বিদ্যালয় সপ্তাহৰ এক গুৰুত্ব পূৰ্ণ ভূমিকা আছে বুলি মন্তব্য কৰে । খেল-ধেমালি, নৃত্য-গীত, সাহিত্য-সংস্কৃতি –এই বোৰো শিক্ষাৰ এক অংগ বুলি উল্লেখ কৰি প্ৰতিযোগিতা সমুহত অংশ গ্ৰহণৰ বাবে শিক্ষাৰ্থী সকলক উৎসাহ যোগাই এক প্ৰেৰণামূলক বক্তব্য আগবঢ়ায় । হাই স্কুল শিক্ষান্ত পৰীক্ষাত সন্তোষজনক ফলাফল , বিভিন্ন প্ৰতিযোগিতাত বিদ্যালয় খনৰ শিক্ষাৰ্থীয়ে দেখুৱাই অহা কৃতিত্বৰ কথা উল্লেখ কৰি অধ্যক্ষ গৰাকীয়ে লগতে কয় যে খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ এক গৰিমা আছে । এই গৰিমা অটুট ৰাখি এই মহান শিক্ষানুষ্ঠান খনে অসমৰ শৈক্ষিক জগতত এদিন সোণালী ইতিহাস ৰচিব বুলিও তেওঁ আশা পোষণ কৰে । ইয়াৰ পিছত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে বিদ্যালয় খনৰ স্বত্বাধিকাৰী হিৰণ্য ৰায় বৰুৱাই । জ্যেষ্ঠ শিক্ষক প্ৰবীণ কলিতাই মুকলি কৰে স্মৃতি তৰ্পণ কাৰ্যসূচী । ছাত্ৰ-ছাত্ৰী সকলৰ ভিন্ন ধৰ্মী লেখাৰে সমৃদ্ধ প্ৰাচীৰ পত্ৰিকা ‘অংকুৰণ’ উন্মোচন কৰে বিদ্যালয় খনৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী জুনু কোচে । ২৯ নবেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ চাৰি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিদ্যালয় সপ্তাহ উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত খেল -ধেমালিৰ লগতে ভেশ্চন, চিত্ৰাংকন, কুইজ, আকস্মিক বক্তৃতা, আধুনিক গীত, জ্যোতি সংগীত, বিষ্ণু সংগীত, আধুনিক নৃত্য, বিহু নৃত্যকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

# ধীৰেন মহলীয়া

You might also like