নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত জব্দ ৩.৩৯ লাখৰ জালনোট, ধৃত ৪

নিয়মীয়া বাৰ্তা, ৩ ফ্ৰেব্ৰুৱাৰীঃ গহপুৰ মহকুমাৰ অন্তর্গত হেলেম থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অজিত কুমাৰ ভূঞাৰ নেতৃত্বত চলোৱা অভিযানত নগদ ধনসহ টকৌবাৰীৰ পৰা গ্রেপ্তাৰ হৈছে চাৰিজন জালনোট সৰবৰাহকাৰী যুৱক৷ জালনোট সৰবৰাহকাৰী চাৰিজন ক্রমে ছিকিমৰ গ্যালসিং থানাৰ অন্তর্গত গ্যালসিং গাঁও নিৱাসী বলবাহাদুৰ ৰাইৰ পুত্র সুভাষ ৰাই, ছিকিমৰ হিংগদাম থানাৰ অন্তর্গত হিংগদাম গাঁও নিৱাসী চন্দ বাহাদুৰ ৰাইৰ পুত্র ৰবীন ৰাই, নিউ জলপাইগুৰিৰ ভক্তিনগৰ থানাৰ অন্তর্গত উদয়নগৰ নিৱাসী ধন বাহাদুৰ থাপাৰ পুত্র অমিত থাপা  আৰু লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তর্গত যোৰহটীয়া গাঁৱৰ বুবু বৰা বুলি জানিব পৰা গৈছে৷

ইয়াৰে সুভাষ, ৰবীন আৰু অমিতক শনিবাৰে সন্ধিয়া টকৌবাৰী চেণ্টাৰৰ পৰা গ্রেপ্তাৰ কৰাৰ বিপৰীতে বুবু বৰাক টকৌবাৰীৰ এটা ভাৰাঘৰৰ পৰা দেওবাৰে পুৱা প্রায় ১০ বজাত গ্রেপ্তাৰ কৰা হয়৷ ঘটনা সন্দর্ভত জানিব পৰা মতে, টকৌবাৰীৰ কৃষ্ণ কাকতি নামৰ এজন ব্যক্তিয়ে তেওঁৰ ঘৰৰ ওচৰত থকা তেওঁৰ এটা পকী ঘৰ বিশ্বনাথ চাৰিআলিৰ কোনো এজন ব্যৱসায়িক যোৱা ডেৰ–দুমাহ পূর্বে ভাৰালৈ দিছিল৷

জানিব পৰা মতে, কাপোৰৰ পাইকাৰী ব্যৱসায় কৰোঁ বুলি কৈ কৃষ্ণ কাকতিৰ পৰা ভাৰালৈ লৈছিল ঘৰটো৷ কিন্তু উক্ত ভাৰাঘৰটোৰ পৰা কাপোৰৰ ব্যৱসায় হোৱাৰ সলনি জালনোটৰহে সৰবৰাহ হৈ আহিছিল৷ প্রাপ্ত তথ্য মতে, শনিবাৰে উক্ত ভাৰাঘৰটোলৈ ৫ লাখ আচল টকা দি ১০ লাখ টকাৰ নকল ৫০০ টকীয়া নোট নিবলৈ আহিছিল ছিকিম আৰু নিউ জলপাইগুৰিৰ উক্ত যুৱক তিনিজন৷ ম’বাইল ফোনযোগে কথা পাতি উক্ত ভাৰাঘৰটোত আবেলি উপস্থিত হোৱা যুৱক তিনিজনক জালনোট দিবৰ বাবে অজ্ঞাত স্থানৰ পৰা আহি ভাৰাঘৰটোত উপস্থিত হয় এটা জালনোট সৰবৰাহকাৰী দল৷

জানিব পৰা মতে, ৫ লাখ টকাৰ আচল নোট দি ১০ লাখ টকাৰ জালনোট নিবলৈ অহা ছিকিমৰ যুৱকৰ দলটোৰ লগত জালনোট দিবলৈ ভাৰাঘৰটোলৈ অহা দলটোৰ মাজত মতৰ অমিল হোৱাত দুয়োপক্ষৰ মাজত টকাৰ বাণ্ডিলক লৈ টনা–আঁজোৰা লাগে৷ তেনেতে জালনোট লৈ অহা দলটোৱে ছিকিমৰ যুৱকৰ দলটোৰ পৰা দুই লাখ টকা কাঢ়ি ভাৰাঘৰটোৰ পৰা উধাও হয়৷ ইয়াৰ পিছতে ছিকিমৰ যুৱকৰ দলটো ভাৰাঘৰটোৰ পৰা খোজকাঢ়ি আহি উপস্থিত হয়হি টকৌবাৰী চেণ্টাৰত৷ ইপিনে উক্ত জালনোট কাণ্ডৰ বিষয়ে লাভ কৰা তথ্যৰ ভিত্তিত টকৌবাৰী চেণ্টাৰত সন্ধিয়া প্রায় ৫ বজাত উপস্থিত হৈ চলোৱা অভিযানত হেলেম থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অজিত কুমাৰ ভূঞাই প্রথমে সুভাষ ৰাইক হাতে–লোটে গ্রেপ্তাৰ কৰাৰ লগতে ৰবীন ৰাই আৰু অমিত থাপাক খেদি খেদি গ্রেপ্তাৰ কৰে৷ তেওঁলোকৰ জিম্মাৰ পৰা ৩ লাখ ৩৯ হাজাৰ টকা জব্দ কৰে আৰক্ষী বিষয়াগৰাকীয়ে৷ ইয়াৰে ৭ হাজাৰ জালনোট বুলি জানিব পৰা গৈছে৷ উক্ত যুৱক তিনিজনে আচল টকা দি দুগুণ পৰিমাণৰ নকল টকা নিবলৈ উক্ত ভাৰাঘৰটোলৈ অহাৰ কথা স্বীকাৰ কৰিছে৷ ইপিনে কালি ভাৰাঘৰটোৰ পৰা গ্রেপ্তাৰ কৰা বাবু বৰাই সংবাদ মাধ্যমৰ আগত উক্ত ভাৰাঘৰটোৰ পৰা এতিয়ালৈকে চাৰি–পাঁচবাৰ জালনোট সৰবৰাহ হোৱা বুলি প্রকাশ কৰিছে৷ ফোনযোগে গ্রাহকৰ লগত বন্দৱস্তি কৰাৰ পিছত সেই গ্রাহকক ভাৰাঘৰটোলৈ মাতি পঠিওৱাৰ পিছত লালুকৰ পৰা জালনোট আনি ভাৰাঘৰটোৰ পৰা সৰবৰাহ কৰা হয় বুলিও বাবু বৰাই জানিবলৈ দিছে৷ হেলেম আৰক্ষীয়ে কৌশলপূর্ণভাৱে অভিযান চলাই এনেদৰে বৃহৎ জালনোট ব্যৱসায়ী চক্র উৎখাত কৰিবলৈ সক্ষম হোৱা কার্যক হেলেম আৰক্ষীৰ এক বৃহৎ সাফল্য বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে৷ এইক্ষেত্রত আৰক্ষীয়ে জোৰ তদন্ত চলালে আৰু অধিক জালনোট সৰবৰাহকাৰী গ্রেপ্তাৰ হোৱাটো নিশ্চিত৷ ঘটনা সংক্রান্তত হেলেম আৰক্ষীয়ে ০৭/২০২০ নং গোচৰমর্মে ভাৰতীয় দণ্ডবিধিৰ ৪৮৯ (চি), ৪২০ আৰু ৩৪ নং ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like