নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত মূল যুঁজ হ’ব ৰিপুণ–উৎপলৰ; উন্নয়নৰ বার্তাৰে বিশ্বনাথত প্রমোদৰ প্রচাৰ

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ দুজনকৈ হেভীৱেট নেতা ক্রমে প্রাক্তন মন্ত্রী নুৰজামাল সৰকাৰ আৰু প্রবীণ হাজৰিকাৰ একপ্রকাৰ ৰাজনৈতিক সন্ন্যাস, মহাজোঁটবন্ধনৰ নামত কংগ্রেছক আসন্ন এৰি দিয়া, নতুন মুখক অগ্রাধিকাৰ, অভিযোগ–প্রতিভিযোগ আৰু ক্ষোভ–সন্তুষ্টিৰ মাজতে বিশ্বনাথ জিলাৰ তিনিওটা সমষ্টি বিশ্বনাথ, বিহালী আৰু গহপুৰত তীব্রতৰ হৈছে নির্বাচনী বতাহ৷ বিশ্বনাথ জিলাৰ তিনিওটা সমষ্টিত মুঠ ১৩জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে ৪,৮৯,৪৩৩জন ভোটাৰে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব৷ সংমিশ্রিত জাতি–জনগোষ্ঠীৰে পূর্ণ বিশ্বনাথ জিলাৰ প্রধানতঃ দুটাকৈ সমষ্টিত ৰাজ্যবাসীৰ চকু নিবদ্ধ৷ এটা হৈছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই প্রতিদ্বন্দ্বিতা কৰা গহপুৰ আৰু আনটো হ’ল মন্ত্রী তথা বিজেপি প্রার্থী ৰঞ্জিত দত্তৰ বিহালী৷ গহপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,০৩,০৯২জন৷ ৰিপুণ বৰাৰ ৰাজনৈতিক চাতুর্যতা আৰু কৌশল কিদৰে ভোটলৈ পৰিৱর্তিত হয় সেয়া নিৰীক্ষণ আৰু প্রতিহত কৰি বিজেপি প্রার্থী উৎপল বৰাক বিজয়ী কৰাৰ প্রতিকৌশল প্রয়োগৰ সম্ভাৱনা থকা গহপুৰ এতিয়া জিলাখনৰে নহয় বৰঞ্চ ৰাজ্যৰ অন্যতম গুৰুত্বপূর্ণ সমষ্টি৷ গহপুৰত অসম জাতীয় পৰিষদৰ প্রার্থী ৰূপে শিক্ষাবিদ ড০ গোপাল ফুকনৰ লগতে ভি পি আইৰ চবিৰ নার্জাৰীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়ালেও মূলতঃ মূল নির্বাচনী যুঁজ হ’ব কংগ্রেছ প্রার্থী ৰিপুণ বৰা আৰু বিজেপি প্রার্থী উৎপল বৰাৰ মাজতহে৷

উল্লেখ্য যে ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপি প্রর্থী উৎপল বৰাই কংগ্রেছ প্রার্থী মণিকা বৰাক ৮৫,৪২৪টা ভোট লাভেৰে পৰাজিত কৰি বিজয়ী হৈছিল৷ বিশেষকৈ মোদী ঢ়ৌ আৰু কংগ্রেছৰ প্রতিষ্ঠানবিৰোধী ঢ়ৌৰ বাবে বিগত নির্বাচনত সফলতাৰ মুখ দেখা এইবাৰৰ বিজেপি প্রার্থী উৎপল বৰাৰ বিজয়ৰ পথ মসৃণ নহয় বুলি চর্চিত হৈছে৷ ক্ষমতাশীল দলৰ বিধায়ক ৰূপে প্রতিষ্ঠানবিৰোধী ঢ়ৌৰ লগতে টিকটবঞ্চিতৰ ক্ষোভ আৰু তৃণমূল পর্যায়ৰ অসন্তুষ্টি বিজেপি প্রার্থীজনৰ প্রত্যাহ্বানৰ কাৰক হৈ পৰিছে৷ তদুপৰি ঠিকা–ঠুকলি সন্দর্ভত উত্থাপিত অভিযোগৰ বাবে পূর্বৰ জনপ্রিয়তা হ্রাস পোৱা বুলিও সৰৱ চর্চা চলিছে৷ সেইদৰে মূলসুঁতিৰ ভোটাৰৰ লগতে চাহ বাগিচাৰ ভোটাৰে নির্ণায়ক ভূমিকা লোৱা গহপুৰত কংগ্রেছ প্রার্থী ৰিপুণ বৰাৰ বিৰুদ্ধে পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ অভিযোগ আছে৷ নির্বাচনৰ সময়ত যদিহে এই অভিযোগক ইছ্যু হিচাপে লৈ বিজেপিয়ে সাধাৰণ ভোটাৰৰ মাজলৈ নিয়াত সক্ষম হয়, তেন্তে বিপদত প্রদেশ কংগ্রেছৰ সভাপতি৷ তদুপৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ গহপুৰ আগমন, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিজেপি প্রার্থী উৎপল বৰাৰ হৈ নির্বাচনী প্রচাৰে আগন্তুক দিনকেইটাত নির্বাচনী দৃশ্যপট কিদৰে সলনি কৰে সেয়া লক্ষণীয় হ’ব৷

বিশ্বনাথ জিলাৰ ৭৭নং বিহালী সমষ্টিত এইবাৰ নির্বাচনী যুঁজে আকর্ষণীয় ৰূপ ধাৰণ কৰিছে৷ সমষ্টিটোত এফালে বিজেপিৰ হেভীৱেট প্রার্থী ৰঞ্জিত দত্ত, আনফালে মহাজোঁটবন্ধনৰ প্রার্থী তথা চিপিআইৰ (এমএল) নেতা বিবেক দাস৷ তদুপৰি অজাপৰ প্রার্থী তথা বিশিষ্ট সাংবাদিক অঞ্জন উপাধ্যায় আৰু নির্দলীয় প্রার্থী জয়ন্ত বৰাৰ প্রতিদ্বন্দ্বিতাৰে বিহালীৰ নির্বাচনী বতাহ গৰম হৈ পৰিছে৷ প্রায় দুই দশক পূর্বে উত্তৰ অসমত বিজেপিৰ ভেটি স্থাপনেৰে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা ৰঞ্জিত দত্ত তিনিটাকৈ কার্যকালৰ বিধায়ক৷ ২০১৬ চনত মন্ত্রিত্ব লাভ কৰা ৰঞ্জিত দত্তৰ গৃহ সমষ্টিত দুখনকৈ ডিগ্রী কলেজ, ইঞ্জিনীয়াৰিং কলেজ, আই টি আইত পাঠদান, হস্ততাঁত বিভাগৰ প্রশিক্ষণ কেন্দ্র, মসৃণ বাট–পথ, কৃষি গৱেষণা কেন্দ্রৰ বাবে ভূমি আবণ্টন আদিৰে সমষ্টিটোত উন্নয়ন কৰাৰ বিপৰীতে নিবনুৱাক সংস্থাপনত বিশেষ সফলতা লাভ কৰা নাই বুলিও বিৰোধীয়ে অভিযোগ তুলিছে৷ ক্ষমতাসীন দলৰ বিধায়ক ৰূপে অসন্তোষ থাকিলেও এই প্রতিবেদন যুগুত কৰাকালত বিহালীত আটাইতকৈ সুবিধাজনক স্থিতিত আছে বিজেপি প্রার্থী ৰঞ্জিত দত্ত৷

কিয়নো বহুধাবিভক্ত বিৰোধী আৰু কংগ্রেছে প্রেমলাল গঞ্জুক টিকটবঞ্চিত কৰি মহাজোঁটৰ অংশীদাৰ বাঁওপন্থী দল চিপিআই (এমএল)ৰ বিবেক দাসক প্রার্থিত্ব প্রদানে বিহালীত কংগ্রেছৰ খহনীয়া সৃষ্টি কৰিছে৷ ১৭খনকৈ মণ্ডলৰ পদত্যাগ আৰু বিজেপিত যোগদানৰ লগতে দিশহাৰা কংগ্রেছী ভোটাৰক লৈ এইবাৰ শংকিত বিৰোধী৷ বিগত নির্বাচনত ২৮,৫৫১টা ভোট লাভ কৰি দ্বিতীয় স্থানত থকা কংগ্রেছৰ পৰিৱর্তে তৃতীয় স্থানত থকা চিপিআই (এমএল)ক বিহালীৰ আসনখন এৰি দিয়াৰ পিছত সৃষ্টি হোৱা ক্ষোভ বর্তমানওেপ্রশমন হোৱা নাই৷ বাঁওদলৰ নিষ্ঠাৱান কর্মী ৰূপে বিবেক দাসৰ নিজা ভাবমূর্তি আছে৷ বিহালীৰ সমস্যাক লৈ সততে সৰৱ বিবেক দাসৰো নিজা ভোটবেংক আছে৷ সেই হিচাপত বিহালীৰ নির্বাচনী যুঁজখন মহাজোঁটবন্ধনৰ বিবেক দাস আৰু বিজেপি প্রার্থী ৰঞ্জিত দত্তৰ মাজতে হ’ব লাগে৷ কিন্তু কংগ্রেছত উদ্ভৱ হোৱা বিদ্রোহে বিবেক দাসৰ অংকত আউল লগাব পাৰে৷ বিশেষকৈ চাহ বাগিচাৰ ভোটাৰে নির্ণায়ক ভূমিকা লোৱা বিহালীৰ মুঠ ভোটাৰ হৈছে ১,২৩,২৭৯টা৷ তাৎপর্যপূর্ণ যে বিহালীৰ নির্দলীয় প্রার্থী জয়ন্ত বৰাৰ প্রচাৰ আকর্ষণীয় হৈ উঠিছে৷ বিজেপিৰ টিকতবঞ্চিত প্রার্থী জয়ন্ত বৰাৰ প্রতিদ্বন্দ্বিতাই বিজেপিৰ ভোট বিভাজন কৰাৰ শংকা আছে যদিও ট্রেক্টৰৰ দৰে অচিনাকি প্রতীকৰ বাবে আহুকালত পৰিব পাৰে প্রার্থীজন৷ তদুপৰি অজাপৰ অঞ্জন উপাধ্যায় সমষ্টিটোত নতুন মুখ৷ বিৰোধীৰ ভোট বিভাজনৰ ফলত বিজেপিৰ ৰঞ্জিত দত্তই অগ্রগতি লাভ কৰিলে আচৰিত হ’ব লগা নাই৷ ১,৬৩,০৬২টা ভোটাৰসমৃদ্ধ বিশ্বনাথ বিধানসভা সমষ্টিত এতিয়া তৎপৰ সকলো ৰাজননৈতিক দল৷

সমষ্টিটোত এইবাৰ প্রতিদ্বন্দ্বিতাত নামিছে বিজেপিৰ প্রমোদ বৰঠাকুৰ, কংগ্রেছৰ অঞ্জন বৰা, অজাপৰ দুলদুল বৰকটকী আৰু ভিপিআইৰ মিলিচৰণ বসুমতাৰী আৰু নির্দলীয় দীপ বৰঠাকুৰ৷ সংমিশ্রিত জাতি–জনজাতিৰে পূর্ণ বিশ্বনাথত এইবাৰ বিজেপি প্রার্থী প্রমোদ বৰঠাকুৰৰ বাবে প্রত্যাহ্বান হৈ পৰিছে মিত্রতাৰ সমীকৰণ আৰু অজাপৰ প্রার্থী দুলদুল বৰকটকীৰ আৱির্ভাৱ৷ ২০১৬ চনত কংগ্রেছ প্রার্থী নুৰজামাল সৰকাৰক সন্মিলিত প্রচেষ্টাত পৰাজিত কৰা বিজেপি প্রার্থী প্রমোদ বৰঠাকুৰ নিকা ভাবমূর্তি আৰু স্পষ্টবাদী ৰূপে পৰিচিত ব্যক্তি৷ মিত্রদল অগপত বিজেপি প্রার্থীজনৰ বিৰুদ্ধে বিৰোধ নথকা নহয়৷ কালিও এই অসন্তোষ প্রশমনৰ বাবে অগপত কার্যালয়ত পদার্পণ কৰিলে বিজেপি প্রার্থী প্রমোদ বৰঠাকুৰ আৰু সাংসদ পল্লৱলোচন দাসে৷ বিশ্বনাথত বিগত পাঁচ বছৰত ব্লাড বেংক, মেডিকেল কলেজ, বি এড কলেজ, ডিটি’ কার্যালয়, আৰক্ষী ছাউনী, বাট–পথ আদিৰ উন্নয়ন অস্বীকাৰ কৰিব পৰা নাযায়৷ বিগত পাঁচ বছৰৰ এনেধৰণৰ উন্নয়নমূলক কাম–কাজসমূহক লৈয়ে ভোটাৰ ৰাইজৰ কাষ চাপিছে বিধায়ক প্রমোদ বৰঠাকুৰ৷ পিছে প্রাক্তন মন্ত্রী নুৰজামাল সৰকাৰৰ ৰাজনৈতিক আশিসৰ ওপৰত বহুখিনি ভাগ্য নির্ধাৰণ হ’ব কগ্রেছ প্রার্থী অঞ্জন বৰাৰ৷ বিশ্বনাথত অৱশ্যে কংগ্রেছ আৰু বিজেপিৰ মাজতেই হ’ব মূল নির্বাচনী যুঁজ৷

You might also like