নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ ডিপৰা কঠালনীবাৰী গাঁৱত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ ভাৰত চৰকাৰে আহ্বান জনোৱা লকডাউনৰ আজি ষষ্ঠটো দিন ।

এই লকডাউনৰ নিৰ্দেশাৱলীক সঁহাৰি জনাই বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিপৰা কঠালনীবাৰী গাঁৱৰ যুৱকসকলে অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত আজি পুৱাৰ ভাগত গাঁওখনলৈ যোৱা মূল প্ৰৱেশ পথটো বাঁহ বান্ধি যাতায়ত ব্যৱস্থা বন্ধ কৰি দিয়ে ।

গাঁওখনলৈ যোৱা মূল প্ৰৱেশ পথটোৰ দৃশ্য

উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত ডিপৰা অঞ্চলটোৰ এচাম কাণ্ডজ্ঞানহীন লোকে বাইক, স্কুটী, চাইকেল লৈ অনাই-বনাই ঘূৰি ফুৰা দেখি আৰু গাঁওখনলৈ বৰ্তমানো বাহিৰা লোকৰ প্ৰৱেশ অব্যাহত থকাৰ বাবে সচেতন যুৱকসকলে এই পদক্ষেপ গ্ৰহণ কৰে ।

ইয়াৰোপৰি ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ গাঁওখনৰ যুৱকসকলে অঞ্চলটোৰ ৰাইজৰ মাজত এক সজাগতামূলক পদক্ষেপো গ্ৰহণ কৰিছে ।

ইপিনে আৰক্ষীয়ে দৈনিক অঞ্চলটোত লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছে যদিও বৰ্তমানো এচাম দুষ্টচক্ৰই আৰক্ষীৰ চকুত ধূলি দি চুলাই মদৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ।

You might also like