গহপুৰৰ দাঠকলা গাঁৱত কেঁচা হালধিৰে ‘ফাকু’
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ প্ৰাণনাশী ক’ৰোনা ভাইৰাছৰ আতংক ৰাজ্যজুৰি অব্যাহত থকাৰ সময়তে প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে দৌল উৎসৱৰ উৎসাহ-উদ্দীপনা ।
ইপিনে বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্টুপীয়াকৈ ৰঙৰ উৎসৱ উদযাপন কৰিবলৈ আহ্বান কৰাৰ সময়তে গহপুৰত ব্যতিক্ৰমী ভাৱে উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা ।
উল্লেখ্য যে পৰম্পৰা অনুসৰি গহপুৰৰ বাকৰি পঞ্চায়তৰ দাঠকলা গাঁৱত প্ৰতিবছৰে উদযাপন হৈ আহিছে ৰঙৰ উৎসৱ ফাকুৱা ৷ কিন্ত এইবাৰ ফাকুৱাত ৰং ব্যৱহাৰ নকৰি ব্যৱহাৰ কৰিছে কেচা হালধিৰ মিশ্ৰণ ৷ অভিভাৱকসকলে পিচি দিয়া হালধিৰ গুৰিৰেই ফাকু খেলি আনন্দ-উল্লাস কৰিছে গাঁৱৰ লৰা-ছোৱালীৰ লগতে জিয়াৰী বোৱাৰীয়ে ৷