নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ বৰঙাবাৰীত স্কৰপিঅ’সহ ৩৬ কাৰ্টন  অবৈধ  অৰুণাচলী সুৰা জব্দ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ: অসম আৰক্ষীয়ে অৰুণাচলী সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে দিনৰ ভাগতে সৰবৰাহ হৈ আছে অৰুণাচলী সুৰা।গহপুৰ মহকুমাৰ অন্তৰ্গত ঘাঁহিগাঁও আৰক্ষী চকীৰ এটা অভিযানকাৰী দলে আজি পুৱা প্ৰায় ৯ বজাত  বৰঙাবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এক অভিযানত এখন স্কৰপিঅ’ত অনা ৩৬ কাৰ্টুন অৰুণাচলী সুৰা আৰু বহু পৰিমাণৰ বিয়েৰৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।ঘাঁহিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱেন্দ্ৰ মুছাহাৰীৰ নেতৃত্বত চলা অভিযানত জব্দ হয় অবৈধ ভাবে কঢ়িয়াই অনা অৰুণাচলী সুৰা সমূহ।

 

আৰক্ষীৰ অভিযানকাৰী দলটোৱে সুৰা কঢ়িওৱাত ব্যবহৃত এখন বগা ৰঙৰ স্কৰপিঅ গাড়ী জব্দ কৰাৰ লগতে সুৰা সৰবৰাহত জড়িত দুজন যুৱকক গ্ৰেপ্তাৰ কৰে।স্কৰপিঅ’খনৰ  নম্বৰ হৈছে AS01BP 8700।এই সুৰা খিনি আনুমানিক মূল্য ৪০ হাজাৰ টকা।ধৃত যুৱকদ্বয় হৈছে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালীৰ দিগন্ত দাস আৰু বাবুল দাস।অৰুণাচলী সুৰাখিনি অৰুণাচল ৰাজগড়ৰ পৰা বিহালীৰ বতিয়ামাৰীলৈ আনি আছিল।
You might also like