নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীৰ বাতৰিকাকত বিতৰকক সাহায্য বিতৰণ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ কামৰূপ মহানগৰ জিলা প্রশাসনৰ সহযোগত ফিডিং ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে কালিৰে পৰা পর্যায়ক্রমে গুৱাহাটী মহানগৰীৰ বাতৰিকাকতৰ বিতৰকসকলৰ মাজত সাহায্য হিচাপে চাউল, দাইল, আলু, মিঠাতেল, নিমখ আদি খাদ্য সামগ্রী বিতৰণৰ কাম আৰম্ভ কৰিছে৷ জিলা প্রশাসনৰ সহযোগত স্বেচ্ছাসেৱী সংগঠনটোৱে আজি প্রথম পর্যায়ত গুৱাহাটীৰ মালিগাঁও আৰু আদাবাৰী অঞ্চলৰ বাতৰিকাকতৰ বিতৰকসকলৰ মাজত খাদ্য সামগ্রী সাহায্য হিচাপে আগবঢ়ায়৷ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠক আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰতন সাউদে আজি মালিগাঁৱৰ প্রাগজ্যোতি চিনেমা হলৰ প্রাংগণত মহানগৰীৰ মালিগাঁও–আদাবাৰী অঞ্চলৰ বাতৰিকাকতৰ হকাৰসকলৰ মাজত সাহায্য সামগ্রী বিতৰণ কৰে৷ হকাৰসকলৰ মাজত সাহায্য বিতৰণৰ সময়ত সদৌ গুৱাহাটী বাতৰিকাকত হকাৰ সন্থাৰ সভাপতি দিলীপ বর্মন, কার্যকৰী সভাপতি দীপক কলিতা, সম্পাদক ব্রজেন বর্মন, ফিডিং ইণ্ডিয়াৰ গুৱাহাটীৰ টীম লীডাৰ শচীন ঝাৰ লগতে সংগঠনটোৰ অন্যান্য সদস্যসকল উপস্থিত আছিল৷ উল্লেখ্য যে সদৌ গুৱাহাটী বাতৰিকাকত হকাৰ সন্থাৰ তৰফৰ পৰা মহানগৰীৰ বিভিন্ন অঞ্চলত বাতৰিকাকত বিতৰণ কৰা প্রায় ৬০০গৰাকী বিতৰকৰ নাম জিলা প্রশাসনৰ ওচৰত দাখিল কৰিছিল৷ জিলা প্রশাসনে আজিৰ পৰা ফিডিং ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ জৰিয়তে মহানগৰীৰ বিভিন্ন স্থানত পর্যায়ক্রমে সকলো বাতৰিকাকতৰ বিতৰকসকললৈ খাদ্য সামগ্রী সাহায্য হিচাপে আগবঢ়াব৷

You might also like