নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেলাবিলত চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ; নিশা বিদ্যালয় পৰিদৰ্শনৰে অভাৱ-অভিযোগৰ বুজ 

নিয়মীয়া বাৰ্তা, ১২ জুন: অসম চৰকাৰৰ  চাহ জনজাতি কল্যাণ  দপ্তৰ আৰু শ্ৰম কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে ১১ জুনৰ নিশা প্ৰায় ৮-১৫ বজাত মাজবাট -শিক্ষা খণ্ডৰ অন্তৰ্গত ওৰাঙৰ গেলাবিল উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে । মন্ত্ৰী গৰাকীয়ে শিক্ষা খণ্ডটোৰ অধীনস্থ চাৰি শিক্ষানুষ্ঠান গেলাবিল হাইস্কুল ,বেটেলী চাহ বাগিচা আদৰ্শ বিদ্যালয়, ধনশ্ৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়, মাজাবাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি একাধিক শিক্ষানুষ্ঠানৰ লগতে অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠান পৰিদৰ্শন কৰিব বুলি মাজবাট খণ্ড‌ প্ৰাথমিক শিক্ষা বিষয়া শিৱ প্ৰসাদ শইকীয়াৰ পৰা বাৰ্তা লাভ কৰি সকলোৱে তেখেতৰ আগমনৰ প্ৰতীক্ষাৰত হৈ ৰয় । আবেলিৰ পৰা সন্ধিয়ালৈ মন্ত্ৰী গৰাকীয়ে উল্লেখিত শিক্ষানুষ্ঠান সমূহ পৰিদৰ্শন কৰি নিশা ৮ -১৫ বজাত গেলাবিল উচ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়।
তেওঁক এই পৰিদৰ্শন কালত সংগ দিয়ে ওদালগুৰি জিলাৰ অতিৰিক্ত উপায়ুক্ত  ৰক্তিম বুঢ়াগোহাঁই, মাজবাট ৰাজহ চক্ৰ বিষয়া উৎপল ডেকা ,ওদালগুৰি জিলা নিৰ্বাচনী বিষয়া দেবাশীষ বৰঠাকুৰ ,মাজবাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শিৱ প্ৰসাদ শইকীয়াই । বিদ্যালয় খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, পৰিচালনা উন্নয়ন সমিতি, মাতৃ গোটৰ উপস্থিতিত মন্ত্ৰী গৰাকীৰ লগতে কেউগৰাকী গণ্য-মান্য ব্যক্তিকে বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰ-সন্মান যছা হয় ।প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দে আৰু সহ::প্ৰধান শিক্ষক নৱ কুমাৰ নাথে আতা ধৰা তথা পৰিচালনা কৰা সভাত বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি গণেশ চন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ শিক্ষক অতুল চন্দ্ৰ নাথে  বিদ্যালয়খনত দুখজনকভাৱে চলি অহা শ্ৰেণী কোঠাৰ অভাৱ , প্ৰাদেশিকীৰণৰ সময়ত দুৰ্ভাগ্যজনক ভাৱে “দ্ৰপ” পৰি ৰৈ যোৱা ৰয়েল বি এছ চি আৰু সংস্কৃত বিষয়ৰ শিক্ষক দুগৰাকীৰ কৰুণ গাথা ,উপযুক্ত খোৱা পানীৰ সমস্যা, ডেক্স-বেঞ্চৰ নাটনি আদি  বিষয়বোৰৰ কথা উল্লেখ কৰে । মন্ত্ৰী সঞ্জয় কিষাণে প্ৰত্যোত্তৰত বিদ্যালয় খনৰ সমস্যাৰাজি অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কয় যে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয়সমূহৰ শৈক্ষিক আৰু আন্তঃগাঠনি সমস্যাৰ বুজ লৈ ইয়াৰ সমোচিত সমাধানৰ আচনি প্ৰস্তুতৰ  উদ্দেশ্যে জিলাই জিলাই  মন্ত্ৰীসকলক পৰিভ্ৰমণ কৰি বিদ্যালয় সমূহৰ সমস্যাৰ বুজ লবলৈ  নিৰ্দেশ দিয়া বুলি ব্যক্ত কৰে ।
সেই উদ্দেশ্যেৰে তেওঁ বিদ্যালয়কেইখন  পৰিদৰ্শন কৰি ইয়াৰ  সমস্যাসমূহৰ এক ইতিবাচক প্ৰতিবেদন মুখ্যমন্ত্ৰী আৰু  শিক্ষামন্ত্ৰীক দাখিল কৰিব বুলিও অৱগত কৰে ।তেওঁ গেলাবিল হাইস্কুলৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ ,পদ প্ৰাদেশিকীৰণ অবিহনে দীৰ্ঘদিনে বিনা বেতনে শিক্ষাদানত কৰ্মৰত স‌ংস্কৃত  বিষয়ৰ শিক্ষয়িত্ৰী ৰিপামণি শৰ্মা , ৰয়েল বি এছ চি প্ৰণৱ চুবেদীৰ পদ শীঘ্ৰেই নিয়মীয়া কৰণৰ হেতু শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগুক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিদ্যালয় পৰিয়ালক ।এই বিষয়টোক গুৰুত্ব দি ঠাইতে তেওঁ এক সুন্দৰ টোকাও লিপিবদ্ধ কৰে । বিদ্যালয়খনৰ জলন্ত সমস্যাৰাজি উল্লেখ কৰি সমাধানৰ অনুৰোধ জনাই যুগুত কৰা এক আবেদন পত্ৰৰ সৈতে পূৰ্ণ প্ৰ-পত্ৰ এখন মন্ত্ৰী গৰাকীৰ হাতত অৰ্পণ কৰা হয়। অতিৰিক্ত উপায়ুক্ত ৰক্তিম   বুঢ়াগোহাঁইও বিদ্যালয়খনৰ সমস্যাবোৰ অনুধাৱন কৰা বুলি ইয়াৰ সমাধানৰ আশ্বাস সূচক মন্তব্য কৰে ।
You might also like