নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত ক্ষুদ্ৰ ব্যাৱসায়ৰে স্বাৱলম্বন বিশেষ সক্ষম যুৱক ফিৰোজ উদ্দিন

নিয়মীয়া বাৰ্তা,৪ জুলাই: ধুবুৰী জিলাৰ গোলকগঞ্জ বিছনদইত শাৰীৰিক ভাবে বিশেষ সক্ষম যুৱক ফিৰোজ উদ্দিন শেখে ক্ষুদ্ৰ উদ্যোগ তথা ইলেক্ট্ৰনিক সা সজুলি মেৰামতিৰ ব্যাৱসায়ৰে স্বাৱলম্বীতা অৰ্জন কৰি সমগ্ৰ অঞ্চল জুৰি বহু যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে । গোলকগঞ্জৰ বিছনদই প্ৰথম খন্ড গাঁওৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ বাসিন্দা ফিৰোজে ৮০ শতাংশ শাৰীৰিক ভাবে বিশেষ সক্ষম হোৱা স্বত্বেও বহু কষ্টৰে নৱম শ্ৰেনীৰ পাছত শিক্ষা সমাপ্ত কৰাৰ পিছত নিজাববীয়াকৈ ঘৰতে ইলেক্ট্ৰনিক টৰ্চ,ফেন,মবাইল ,গেছৰ চুৱা,ছাতি আদি মেৰামতি কৰি পৰিয়াল পোহ পালন দি আহিছে । পিছত আগ্ৰহী কৰ্মদ্যোমী যুৱক জনে বিছনদইৰ তিনিআলি বজাৰত এখন দোকান ভাড়াত লৈ মেৰামতিৰ লগতে সৰু আধুনিক যন্ত্ৰৰে ফেনৰ কয়েল বনোৱা ক্ষুদ্ৰ উদ্যোগ গঢ়ি কৰ্ম সংস্কৃতিৰ নিদৰ্শন দেখুৱাইছে । এতিয়ালৈকে কোনো চৰকাৰী আচনিৰ সহায় সাহায্য নোপোৱা উদ্যোগী ফিৰোজে উদ্দিন শেখে চৰকাৰী আচনিৰ লাভ কৰিলে নিজৰ লগতে আন কেইবাটাও পৰিয়ালৰো জীৱিকাৰ বাট মোকলাই দিয়াটো নিশ্চিত বুলি স্হানীয় সচেতন মহলে দাবী কৰিছে ।

You might also like