গোলাঘাটত সান্ধ্য আইনৰ মাজতে ৫ লক্ষাধিক টকাৰ সাঁচি গছ চুৰি
নিয়মীয়া বাৰ্তা, ২০ জুনঃ গোলাঘাট জিলাৰ বেতয়নী কাকতিগাঁৱত যোৱা নিশা সংঘটিত হয় ভয়ংকৰ চুৰি কাণ্ড। সান্ধ্য আইনৰ মাজতে নিশা আন্ধাৰৰ সুযোগ লৈ কাকতি গাঁৱৰ বুলেন বৰুৱা নামৰ ব্যক্তি গৰাকীৰ বাৰীৰ পৰা চোৰে চুৰি কৰিলে বৃহৎ আকাৰৰ ১৩ জোপা সাঁচি গছ। প্ৰায় পাঁচ লক্ষাধিক টকা মূল্যৰ সাঁচি গছ চুৰি কৰা চক্ৰটো সান্ধ্য আইনৰ মাজতে কেনেকৈ চলাচল কৰিব পাৰে সেয়া সন্দেহজনক বিষয়।
ইফালে ঢেকীয়াল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে বৰ্তমানৰ লৈকে চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।