নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটৰ সুস্থ হৈ উঠা ৪গৰাকী ক’ৰোনা আক্ৰান্ত ৰোগীক ঘৰলৈ যোৱাৰ অনুমতি

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ অসমবাসীৰ বাবে এটা ভাল খবৰ। পুনৰ হাস্পতালৰ পৰা মুকলি কৰি দিয়া হ’ল ৪গৰাকী ক’ৰোনা আক্ৰান্ত ৰোগীক। বহু কেইটা পৰীক্ষাৰ অন্তত সুস্থ হৈ উঠা আটাইকেইগৰাকীকে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে স্বাস্থ্য বিভাগে। তেওঁলোক ক্ৰমে হাইদৰ আলী, ৱাহিদা বেগম, য়াকুব আলী আৰু ৰুমা বেগম। ইতিমধ্যে গোৱালপাৰৰ পৰা ৩গৰাকী, সোণাপুৰৰ পৰা দুগৰাকী আৰু গোলাঘাটৰ ৪গৰাকীৰ সৈতে মুঠ ৯গৰাকী সুস্থ হৈ উঠা ক’ৰোনা আক্ৰান্ত ৰোগীক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হয়। গোলাঘাটৰ আৰু আন দুগৰাকী ৰোগীকো অতি সোনকালে মুক্তি দিয়া হ’ব বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like