নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱৰ অধিবক্তাক এচিড’ আক্ৰমণত জড়িত প্ৰথম পত্নী সহ বাঘা আটক

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: গোসাঁইগাঁও মহকুমাৰ পদ্মবিলত যোৱা ১৭ ফেব্ৰুৱাৰীৰ বিয়লি নিজ গৃহতে অধিবক্তা আব্দুছ ছামাদ আহমেদক এচিড’ আক্ৰমণ কৰা ঘটনাত আৰক্ষীয়ে তৎপৰতাৰে তদন্ত কৰি দুৰ্বৃত্তক চিনাক্ত কৰি আটক কৰিবলৈ সক্ষম হৈছে ৷ ঘটনা সম্পৰ্কে আৰক্ষীয়ে সদৰি কৰা মতে অধিবক্তা আব্দুছ ছামাদ আহমেদৰ অভিযোগৰ আতধৰি প্ৰথমা পত্নী ৰাছিদা বেগমক যোৱা কালি আটক কৰা হয় ৷ পৰিয়াল কেন্দ্ৰীক কাৰণতে ঘটনাটো সংঘটিত কৰাৰ সন্ধেহত আৰক্ষীয়ে অভিযুক্ত ৰাছিদা বেগমক ৰুদ্ধদ্বাৰ জেৰা কৰাত বেগমে এচিড আক্ৰমণৰ ঘটনা স্বীকাৰ কৰে । ইপিনে উক্ত ঘটনাটো সংঘটিত কৰাৰ বাবে ৰছিদা বেগমে উচমান আলী ওৰফে বাঘা নামৰ লোক এজনক ১৭ হেজাৰ টকা দিয়ে ৷  গোসাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গোলাডাঙি গাঁৱৰ নিবাসী কাছেম আলীৰ পুত্ৰ উচমান আলী ওৰফে বাঘাক আৰক্ষীয়ে আটক কৰাৰ পিছতে ঘটনাটো স্পষ্ট হৈ পৰিছে ৷ 

 

জানিব পৰা মতে, গোসাঁইগাঁও মহকুমা দণ্ডাধীশৰ আদালতৰ জেষ্ঠ অধিবক্তা আব্দুছ ছামাদ আহমেদৰ প্ৰথমা পত্নীৰ সৈতে দীৰ্ঘদিন ধৰি পাৰিবাৰিক কন্দল আছিল আৰু এবছৰ পূৰ্বে দুয়োৰে মাজত বিবাহ বিচ্ছেদ হৈছিল । ইপিনে  অধিবক্তা আব্দুছ ছামাদে পুন বিবাহ কৰাৰ পিছত প্ৰথমা পত্নী ৰছিদা বেগমে বাটেপথে তেৱঁক অপদস্থ কৰি আহিছিল ৷ ইপিনে প্ৰতিশোধ লোৱাৰ বাবেই উচমান আলী ওৰফে বাঘাৰ সৈতে ৰছিদা বেগমে অধিবক্তা গৰাকীক এচিড’ নিক্ষেপ কৰাৰ পৰিকল্পনা কৰে আৰু সেইমৰ্মে যোৱা ১৭ ফেব্ৰুৱাৰীৰ বিয়লি পদ্মবিলস্থিত অধিবক্তা গৰাকীৰ নিজ গৃহতে এচিড’ আক্ৰমণৰ ঘটনাটো সংঘটিত কৰে ৷ সম্প্ৰতি অভিযুক্ত অধিবক্তাৰ প্ৰথম পত্নী আৰু উচমান আলী ওৰফে বাঘা গোসাঁইগাঁও আৰক্ষীৰ জিম্মাত আছে ৷ আনদাতে এচিড’ আক্ৰমণত মুখমণ্ডলৰ লগতে চকুত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অধিবক্তা আব্দুছ ছামাদ আহমেদ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ 
You might also like