গোৰেশ্বৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ পুনৰ এজন লাট মণ্ডল ক’ভিডত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ বাগসাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ আন এজন লাট মণ্ডল কভিড ১৯ত কাক্ৰান্ত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে পশ্চিম নাওকাটা নিৱাসী তথা গোৰেশ্বৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল জীতেন কাৰ্জীয়ে কভিডত আক্ৰান্ত হৈছে। হোম কোৱাৰেণ্টাইনত থকা লাট মণ্ডল গৰাকীৰ স্বোৱাব পৰিক্ষাত ধৰা পৰিছে কভিডৰ অৱস্থিতি।
আনহাতে কভিডত আক্ৰান্তৰ পৰীক্ষাত ধৰা পৰাৰ পিছতো স্বাস্থ্য বিভাগে আক্ৰান্ত লোকজনক বৰ্তমানেও স্বাস্থ্য বিভাগে চিকিৎসালয়লৈ নিনিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে।উল্লেখ্য যে গোৰেশ্বৰ ৰাজহ চক্ৰ কাৰ্যালয়ত প্ৰথম বাৰলৈ ৯ জুলাইত আক্ৰান্ত হৈছিল লাট মণ্ডল মহিৰিদ্দিন আহমেদে।
উক্ত লাট মণ্ডলজনৰ সংস্পৰ্ষত আহিছিল আজি আক্ৰান্থ হোৱা লাট মণ্ডলজন।পোন প্ৰথমবাৰৰ বাবে লাট মণ্ডলৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰাৰ পিছত চক্ৰ বিষয়াৰ কাৰ্যালয়টো এসপ্তাহৰ ৱাবে কোৰাৰেণ্টাইন জ’ন হিচাপে প্ৰশাসনে ঘোষণা কৰিছিল যদিও আজিৰ পৰা এসপ্তাহ অতিক্ৰম কৰাৰ অন্তত কণ্টেইনমেণ্ট জ’ন প্ৰত্যাহাৰ কৰে প্ৰশাসনে।ইয়াৰ পিছতে নতুনকৈ লোক কভিডত আক্ৰান্ত হোৱাত কাৰ্যালয়টোৰ আন কৰ্মচাৰীসকলৰ মাজত আতংকই বিৰাজ কৰিছে।