নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

ধান খাবলৈ আহি হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ

গোৱালপাৰাঃ গোৱালপাৰাত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ। লাডেন অৰ্থাৎ কৃষ্ণৰ মৃত্যুৰ পাছত উদ্ধাৰ হাতীটোৰ মৃতদেহ। দৰংগিৰিৰ চেঁচাপানী কইনাকুছিৰ ধাননি পথাৰত উদ্ধাৰ হাতীটোৰ মৃতদেহ। বন বিভাগৰ মতে ধাননি পথাৰত সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হৈছে কিন্তু স্থানীয় লোকৰ মতে ধান খাবলৈ অহা দুটা হাতীৰ মাজৰ সংঘাতত মৃত্যু হৈছে হাতীটো।