গোৱৰাদলত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা– চিকিৎসা শিবিৰ সম্পন্ন
নিয়মীয়া বাৰ্তা ৪ মেঃ নলবাৰী জিলাৰ গোৱৰাদল গাঁওস্থিত পূৱ নামবৰভাগ জাতীয় বিদ্যালয় প্ৰাংগনত কালি এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰ স্বাস্থ্য চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়৷জিলাখনৰ বৃহত্তৰ পূৱ নামবৰভাগ অঞ্চলৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান পূৱ নামবৰভাগ সমন্বয় মঞ্চৰ সৌজন্যত গুৱাহাটীৰ হেলথচিটি হাস্পতালৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা অনুষ্ঠিত বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰটোৰ আৰম্ভণিতে শিৱিৰত উপস্থিত হোৱা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ দ’লটোক পূৱ নামবৰভাগ সমন্বয় মঞ্চৰ তৰফৰ পৰা ফুলাম গামোচা আৰু ফুলাম জাপিৰে আঁদৰণি জনায়৷পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা উক্ত চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰত গুৱাহাটীৰ হেলথ চিটি হাস্পতালৰ শিশু ৰোগ বিশেষজ্ঞ ডা° সুৰয গোঁহাই,মেডিচিন বিশেষজ্ঞ ডা° গোপাল পাণ্ডে,প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিভাগৰ আৱাসিক চিকিৎসক ডা° সীমা বৈশ্য,আৱাসিক চিকিৎসক ডা° মানস জে. বৰ্মন,প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিভাগৰ আৱাসিক চিকিৎসক ডা° মঞ্জুৰী জৈন,হেলথচিটি হাস্পতালৰ সহঃ অধীক্ষক ডা° সিমান্ত বৰ্মন,চিকিৎসালয়খনৰ মেনেজাৰ ভূষণ দাস,নাৰ্চ জ্যোৎস্না বৰা,নাৰ্চ পূজা দাস, টেকনিচিয়ান নিতু কুমাৰ সোণোৱাল আৰু ডা° ভৱা দাস ফাউণ্ডেচনৰ কৰ্মকৰ্তা ভূপালী বৰ্মনে বৃহত্তৰ পূৱ নামবৰভাগ অঞ্চলৰ প্ৰায় ডেৰ শতাধিক বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা আগবঢ়োৱাৰ লগতে ৰোগীসকলক বিনামূলীয়াকৈ বিভিন্ন ৰোগৰ পৰীক্ষা প্ৰদান কৰে৷পূৱ নামবৰভাগ সমন্বয় মঞ্চৰ সভাপতি কন্দৰ্প কুমাৰ বৰ্মন,সম্পাদক গিৰিধৰ বৰ্মন,মূখ্য উপদেষ্টা ৰমেশ চন্দ্ৰ শৰ্মা,মঞ্চৰ বিষয়ববীয়া ক্ৰমে প্ৰফুল্ল নাৰায়ণ দাস,মদন মোহন দাস,ধৰণীধৰ বৰ্মন,কল্যাণ বৰ্মন,ধনজিৎ বৈশ্যকে ধৰি মঞ্চৰ বহুকেইগৰাকী সদস্যই পৰিচালনা কৰা উক্ত শিৱিৰটোত পূৱ নামবৰভাগ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সৌৰভময় ভট্টাচাৰ্য্য সমন্বিতে বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে উপস্থিত থাকি সক্ৰিয় সহযোগিতা আগবঢ়োৱাৰ লগতে ৰোগীসকলক বিভিন্ন ধৰণে সহায়-সহযোগ আগবঢ়ায়।
প্ৰেৰকঃ শৈলেন বৰ্মন,কৈঠালকুছি