ঘিলামৰাত ৫ গ্ৰাম ড্ৰাগছ আৰু ৪ টা কন্টেইনাৰসহ ২ড্ৰাগছ সৰবৰাহকাৰী গেপ্তাৰ
নিয়মীয়া বাৰ্তা,৫ জুনঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তোলাৰ সময়তে আজি ঘিলামৰাত ঢকুৱাখনাৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক নিষিদ্ধ ড্ৰাগচ সহ গেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘিলামৰা আৰক্ষী ৷
এক গোপন সুত্ৰৰ পম খেদি আজি ঘিলামৰা সদৰ থানাৰ আৰক্ষীয়ে চলোৱা নাকা তালাচী অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ হাতে লোতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।গোগামুখ -ঘিলামৰা ৰাজ্যিক ঘাই পথৰ বৰদৈ অংশৰ নিৰিবিলি ধাবাৰ সমীপত নাকা তালাচী অভিযান চলাই ঘিলামৰা থানাৰ অচি চন্দন দাস আৰু উপ পৰিদর্শক হেমন্ত কোঁৱৰে এ এছ ০৭ – জি -৫২১১ নম্বৰৰ এখন মাৰুটি ৮০০ গাড়ীত লুকুৱাই অনা অৱস্থাত ৪ টা কন্টেইনাৰ সহ ৫ গ্ৰাম ড্ৰাগছ কন্তেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে ঢকুৱাখনা বালি গাঁৱৰ মৃদুল কুমাৰ বৰাৰ পুত্ৰ হৃদয় কুমাৰ বৰা (২৭) আৰু ঢকুৱাখনা হুজ গাঁওৰ হীৰা দাসৰ পুত্ৰ ৰাজু দাস (৩১) ক গ্ৰেপ্তাৰ কৰি বাহন সহ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে।
প্ৰেৰকঃ ৰাজেশ কুমাৰ বুঢ়াগোহাঞি