নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রযান–২, ইণ্ডিয়া গেট, ৰংঘৰৰ আর্হিত ভেলাঘৰ

সর্বত্র নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদ চলি থকাৰ মাজতে আহি পালে ভোগৰ উৎসৱ ভোগালী বিহু৷ জাতিৰ সংকটৰ বাবে যুঁজ কৰাৰ সমান্তৰালভাৱে বাপতিসাহোন বিহুক আদৰিবলৈ উঠিপৰি লাগিছে অসমীয়া৷

যোৰহাটৰ প্রতিখন গাঁৱত এতিয়া ভেলাঘৰ নির্মাণৰ অঘোষিত প্রতিযোগিতা৷ ক’ৰবাত যদি বিজ্ঞান–প্রযুক্তিক আগস্থান দি নির্মাণ কৰিছে চন্দ্রযান, আনফালে ক’ৰবাত আকৌ ইতিহাসক জীৱন্ত ৰূপ দিয়াৰ চেষ্টা৷ ৰংঘৰৰ পৰা আৰম্ভ কৰি ইণ্ডিয়া গেট, ডাইন’চৰৰ পৰা চিম্পাঞ্জীলৈকে মুঠতে ভেলাঘৰত শিল্পকর্মৰ মূর্ত প্রকাশ ঘটিছে যোৰহাটত৷

জিলাখনৰ ৰৰৈয়া চৰাইবাহী দুলীয়াগাঁৱৰ ৰাইজে নৰা, বাঁহ কাটি ভেলাঘৰ সাজিছে৷ এইবাৰ তেওঁলোকে নৰা, বাঁহ, তামোল গছ আদিৰ দ্বাৰা ইণ্ডিয়া গেটৰ আর্হিত ভেলাঘৰ নির্মাণ কৰিছে৷ এই লৈ গাঁৱৰ ডেকা, বুঢ়া, যুৱতী–বোৱাৰী সকলো ব্যস্ত হৈ পৰিছে৷ ইতিমধ্যে নির্মাণ প্রায় সম্পূর্ণ হোৱা ইণ্ডিয়া গেট ভেলাঘৰৰ ভিতৰতো হ’ব নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদ৷

ইফালে, বিগত বর্ষসমূহৰ দৰে এইবাৰো যোৰহাটৰ ২নং চৰাইবাহী গাঁৱৰ প্রগতিশীল সমাজে ভেলাঘৰ নির্মাণৰ কাম প্রায় সম্পূর্ণ কৰিছে৷ নৰা, বাঁহ কাটি ভেলাঘৰ সাজি চমক দিছে গাঁওবাসীয়ে৷ এইবাৰ তেওঁলোকে নৰা, বাঁহ, তামোল গছ আদিৰ দ্বাৰা চন্দ্রযান–২ৰ আর্হিত ভেলাঘৰ নির্মাণ কৰিছে৷ গাঁৱৰ ডেকা, বুঢ়া, যুৱতী–বোৱাৰীসকলো ব্যস্ত হৈ পৰিছে ভোগালী বিহুক লৈ৷

বিগত সময়ত চন্দ্রমহল, কুর্ম বসুন্ধৰা, টাইটানিক আদিৰ আর্হিত ভেলাঘৰ নির্মাণ কৰি এওঁলোকে চমকৰ সৃষ্টি কৰি অহাৰ পিছত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ থকা প্রগতিশীল সমাজৰ চন্দ্রযান–২ৰ আর্হিৰ ভেলাঘৰ ইতিমধ্যে সকলোৰে বাবে আলোচ্য বিষয় হৈ পৰিছে৷ ইয়াৰ উপৰি পশ্চিম যোৰহাটৰ বৰখংগীয়া গাঁৱৰ ৰাইজে ভোগালীৰ উৰুকাত লগে–ভাগে এসাঁজ খোৱাৰ বাবে চলাইছে ব্যাপক প্রস্তুতি৷

পথাৰত ৰাইজে নৰা বাঁহেৰে ৰংঘৰৰ আর্হিত নির্মাণ কৰিছে ভেলাঘৰ৷ এই ভেলাঘৰৰ সন্মুখত নৰাৰে নির্মাণ কৰিছে ডাইন’চৰ, প্রকাণ্ড চিম্পাঞ্জী৷ ইতিমধ্যে ডাইন’চৰ, চিম্পাঞ্জীয়ে ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, বিহুৰ বতৰত ভেলাঘৰৰ বাকৰিত আজি ঢ়োল, পেঁপা লৈ বিহু গালে গাঁৱৰ বুঢ়া, মেথা, জীয়ৰী–বোৱাৰীয়ে৷ মুঠতে যোৰহাটৰ বিভিন্ন প্রান্তত এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্রস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ ইটোৰ পিছত সিটোকৈ থলুৱা শিল্পীসকলে নির্মাণ কৰিছে ভেলাঘৰসমূহ৷ অপেক্ষা মাথোঁ ভোগালীৰ উৰুকাৰ নিশালৈ৷

You might also like