চম্পাৱতী নৈৰ ওপৰত অৰ্ধ নিৰ্মিত বাঁহৰ দলং: ধন ভৰি পাৰাপাৰ হ’বলগীয়া হয় পথচাৰী
নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ বাসুগাঁও চহৰৰ পৰা পশ্চিম দিশত মাত্ৰ আধা কিলোমিটাৰ আতঁৰত অৱস্থিত চম্পাৱতী নৈ । নৈখনে দ্বি-বিভক্ত কৰিছে চিৰাং আৰু কোকৰাঝাৰ জিলা । জিলা দুখনক দ্বি-বিভক্ত কৰিলেও অঞ্চলটি ৩১নং চিদলী (জনজাতি ) বিধান সভা সমষ্টিৰ অন্তৰ্গত । বাৰিষা দিনত টুলুঙা নাৱেৰে চুলিৰ আগত জীউটো লৈ ফেনেফোটকাৰে বাঢ়ি অহা নৈৰ বাঢ়নী পানী অতিক্ৰমী ধন ভৰি ইপাৰ-সিপাৰ পাৰাপাৰ হ’বলগীয়া হয় দুয়োপাৰৰ জনসাধাৰণ । আনহাতে খৰালি অহাৰ লগে লগে প্ৰতি বছৰে বাহঁৰ দলং নিৰ্মাণ কৰা হয় । এইবাৰো ভাদ মাহ শেষ হোৱা লগে লগে দলঙৰ কাম আৰম্ভ কৰা হয় যদিও বাহঁৰ অভাৱত মাজ ভাগত কাম কৰিব পৰা নাই । অৱশ্যে সিখিনি ঠাইত বালি বাবে খোজকাঢ়ি, চাইকেল, মটৰ চাইকেলেৰে কোনোমতে পাৰাপাৰ হব পাৰি । কিন্তু যোৱা কালিৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত বালিৰ ওপৰেৰে পানী বাগৰি যোৱাত পানী পাৰ হৈ পুনৰ দলঙত উঠিব লগা হয় । প্ৰতি বছৰে অতি দীঘল বাহঁৰ দলঙৰে মানুহ,ঠেলা, ৰিক্সা, চাইকেল,মটৰচাইকেল পাৰাপাৰ হ’ব লগীয়া হয় । বহু সময়ত চাইকেল, মটৰচাইকেল দলঙৰ পৰা পানীত পৰি গুৰুতৰ ভাৱে আহত হ’বলগীয়া হোৱা ঘটনাৰ যথেষ্ট নজিৰ আছে । আনহাতে ঠেক হোৱা বাবে ঠেলা, ৰিক্সা বাহঁৰ দলঙৰে পাৰাপাৰ হলে অন্য চাইকেল, মটৰ চাইকেল পাৰাপাৰ হোৱা সম্ভৱ নহয় ।
ইফালে পশ্চিম দিশত বহু দূৰ শুকান বালিৰ ওপৰেৰে খোজকাঢ়িব লগা হয় । প্ৰখৰ ৰদত শুকান বালিৰ ওপৰেৰে চাইকেল, মটৰ চাইকেল, ঠেলা, ৰিক্সা চলাচল কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় । তৎসত্বেও বহু কষ্ট, বহু অসুবিধা, বহু ৰিক্স লৈ বাহঁৰ দলং খন পাৰাপাৰ হওঁতে ধন ভৰিব লগা হয় । কোকৰাঝাৰ আৰু চিৰাং জিলা দ্বি-বিভক্ত কৰা নৈখনৰ কূৰ্শাকাটি-কচুদোলা ঘাট সংযোগী পকী দলং নিৰ্মাণৰ ক্ষেত্ৰত বিধায়ক, সাংসদ, বি টি চি পৰিষদীয় সদস্য আদিয়ে বছৰ বছৰ ধৰি নিৰ্মাণৰ আশ্বাস দি আহিছে যদিও স্বাধীনতাৰ ৭৫ সংখ্যক অতিক্ৰম কৰিলেও আজিলৈ কিন্তু দলঙৰ আধাৰ শীলাও স্থাপন নহল । উল্লেখয্যোগ্যযে নৈখনৰ ওপৰত চাৰি কিলোমিটাৰ আতৰত চাৰিখন বাহঁৰ দলং লেখত লবলগীয়া । এই সমস্যাৰ কেতিয়া অন্ত পৰিব ; সেই দিনটোলৈ অপেক্ষা কৰি আছে নৈখনৰ দুয়োপাৰৰ জনসাধাৰণে ।
ভৃগু মুনি ৰায়, বাসুগাঁও ।