চামগুৰিৰ মিকিৰহাটৰ পৰা ভৰাগুৰি সংযোগী পথত স্থানীয় মহিলাৰ প্ৰতিবাদ অব্যাহত
আৰক্ষী আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পাৰ কৰিলে গেছ ভৰ্তি টেংক
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম অঞ্চলৰ মিকিৰহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ভৰাগুৰি সংযোগী অতি গুৰুত্বপূৰ্ণ পথটো দি এল পি জি গেছ ভৰ্তি টেংক চলাচল বন্ধ কৰাৰ দাবীত চাৰি দিন ধৰি স্থানীয় মহিলাসকলে পথটো অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি আৰক্ষী অৰ্ধসামৰিক বাহিনী আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ এল পি জি গেছ ভৰ্তি টেংক কেইখনমান পাৰ কৰা সময়ত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷
উল্লেখ্য যে “নিশিকা ৰোডলাইন এল পি জি বটলিং প্লেন্ট” নামৰ এটা কোম্পানীটোৰ পৰা অহা-যোৱা কৰা প্ৰায় ৪০ টন ওজনৰ গেছ ভৰ্তি টেংক আৰু গধুৰ চিলিণ্ডাৰ ভৰ্তি দ্ৰুতবেগী বাহনসমুহে ১১ টন বহন ক্ষমতা সম্পন্ন পথটো বিধ্বস্ত কৰি পেলাইছে ৷ লগতে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি কৰিছে ভাবুকি ৷ এইক্ষেত্ৰত প্ৰশাসনক স্থানীয় ৰাইজে উক্ত গধুৰ বাহন সমুহ বন্ধ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়ন্তৰ হৈ ক্ষোভিত মহিলাই সকলে উক্ত পথটো আজি তিনিদিন পূৰ্বে এডাল বাঁহ বান্ধি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
অতি ঠেক পথছোৱাৰে চিলিণ্ডাৰ ভৰ্তি দ্ৰুতবেগী যানবাহন সমূহ অহা-যোৱা কৰাৰ ফলত ক্ৰমশঃ বিধ্বস্ত হৈ পৰিছে পথছোৱা। সমান্তৰালভাৱে গধুৰ যানবাহন সমূহ অহা যোৱা কৰাৰ সময়ত কঁপি উঠে পথৰ দাঁতিত থকা গঞাঁ ৰাইজৰ বাসগৃহ, ছিঁৰালফাট দিছে দেৱাল। আকস্মিক দূৰ্ঘটনা তথা অনাকাংক্ষিত বিপদৰ আশংকা বুকুত বান্ধি দীৰ্ঘদিনে পথছোৱাৰে যাতায়ত কৰি আহিছে কন-কন ছাত্ৰ-ছাত্ৰী, মহিলা সকলকে ধৰি গাঁও কেইখনৰ সৰ্বসাধাৰণ ৰাইজ।আনহাতে স্থানীয় মহিলাসকলে বাঁহ বান্ধি পথটো বন্ধ কৰি প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰি থকা সময়ত তথা শনিবাৰে নিশা চামগুৰি ৰাজহ চক্ৰ বিষয়া কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া চামগুৰি আৰক্ষী থানা আৰু পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষী সহ নিশিকা ৰোডলাইন এল পি জি বটলিং প্লেন্টৰ মালিক পক্ষ উপস্থিত হৈ প্ৰতিবাদী মহিলা সকলৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় ৷ যোৱা কালিও জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উক্ত স্থানত উপস্থিত হৈ প্ৰতিবাদী মহিলা সকলৰ লগত আলোচনা কৰিবলৈ আহি বিফল হয়৷
আনহাতে আজি পুৱা চামগুৰি ৰাজহ চক্ৰ বিষয়া কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া চামগুৰি আৰক্ষী থানাৰ আৰক্ষী পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষীৰ এটা বৃহৎ দল আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পথটোত বান্ধি থোৱা বাঁহ আতঁৰাই প্ৰতিবাদি মহিলা সকলক ছত্ৰভঙ্গ দিয়াই কেইখনমান গেছ ভৰ্তি টেংক পাৰ কৰাই যদিও সেই সময়ত কোম্পানীটোৰ স্থানীয় কেইজনমান কৰ্মচাৰীয়ে আৰক্ষীৰ সন্মুখতে প্ৰতিবাদী মহিলা সকলক তুচ্ছ-তাচ্ছিল্য কৰাত এক উতপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে প্ৰতিবাদী মহিলা সকলক তুচ্ছ- তাচ্ছিল্য কৰা উক্ত কোম্পানীটোৰ স্থানীয় দুজন কৰ্মচাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে ৷লগতে তুচ্ছ- তাচ্ছিল্য কৰা কোম্পানীটোৰ স্থানীয় কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে প্ৰতিবাদী মহিলা সকলে পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে ৷ আনহাতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান মিকিৰহাট অঞ্চলত এক চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ লগতে যুদ্ধোধান স্থিতি আৰক্ষী আৰু জিলা প্ৰশাসনৰ লগত প্ৰতিবাদী মহিলা সকলৰ মাজত কি পৰিস্থিতি সৃষ্টি হয় সেইয়া সময়ত হে লক্ষনিয় হব বুলি স্থানীয় সচেতন মহলে মতপ্ৰকাশ কৰিছে ৷