নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি জিলা সাহিত্য সভাৰ প্ৰতিনিধিৰে পাঠশালা হৰিমন্দিৰত ৰাজহুৱা সভা

নিয়মীয়া বাৰ্তা,   ২৪ অক্টোবৰঃ অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পূর্ণাঙ্গ অধিবেশন বজালীত অনুষ্ঠিত কৰাৰ হাবিয়াসেৰে আজি পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ পাঠশালা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত সভাত ২০২৫ বৰ্ষৰ অধিৱেশনখন বজালীত আমন্ত্ৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে যোৱা বৰ্ষৰ ২৫ ডিচেম্বৰত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পাঠশালাত অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পূর্ণাঙ্গ দ্বি-বার্ষিক অধিবেশন আয়োজনৰ বাবে অসম সাহিত্য সভাৰ নেতৃবৃন্দক দাবী জনাইছিল। ইয়াৰ পিছতে বৰপেটা জিলা সাহিত্য সভাৰ সহঃ সম্পাদক অতুল কলিতাই যোৱা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত পাঠশালাত অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পূৰ্ণাঙ্গ অধিবেশন বিচাৰি বক্তব্য আগবঢ়োৱাৰ লগতে ২৪ এপ্রিলত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত অনুষ্ঠিত অসম সাহিত্য সভাৰ পঞ্চম কার্যনির্বাহক সভাত পাঠশালা সাহিত্য সভাৰ সম্পাদক অতুল কলিতাই পাঠশালাত অসম সাহিত্য সভাৰ ৭৭ সংখ্যক অধিবেশনৰ বাবে লিখিত আবেদনো দাখিল কৰিছিল। উল্লেখযোগ্য যে আজিৰ পৰা ৩৬ বছৰ পূৰ্বে পাঠশালাত অসম সাহিত্য সভাৰ ৫৩ সংখ্যক অধিবেশন সফলভাবে অনুষ্ঠিত হৈছিল৷ আজিৰ সভাত চাৰিখন জিলা ক্ৰমে বৰপেটা জিলা সাহিত্য সভাৰ গোবিন্দ তালুকদাৰ, নলবাৰী জিলাৰ পংকজ বেজবৰুৱা, বাক্‌সা জিলাৰ কামদেৱ দাস আৰু বজালী জিলাৰ গিৰিধৰ চৌধুৰীয়ে জিলাকেইখনক প্রতিনিধিত্ব কৰে৷ সভাত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা, কার্যনির্বাহক সদস্য নিতু শৰ্মা আৰু গোবিন্দ তালুকদাৰৰ উপৰিও ২০ খন শাখা সভাৰ প্ৰতিনিধি উপস্থিত থাকে। পাটাছাৰকুছি সাহিত্য সভা, বজালী সাহিত্য কলা পৰিষদ- নিত্যানন্দ, কপিলী সাহিত্য সভা, পূব-বজালী সাহিত্য সভা, ভোটান্ত সাদেৰী সাহিত্য সভা, পুঠিমাৰী সাহিত্য সম্ভা, হাঠিনাপুৰ সাহিত্য সভা, সৰুপেটা সাহিত্য সভা, ভালুকী সাহিত্য সভা, পাঠশালা সাহিত্য সভা, কণিমাৰা সাহিত্য সভা, ৰিহাবাৰী সাহিত্য সভা, উত্তৰ বজালী সাহিত্য সভা আদিৰ শাখা সমিতিসমূহৰ লগতে বজালী জিলাৰ শতাধিক অনুষ্ঠান প্রতিষ্ঠানৰ প্ৰতিনিধিয়ে সভাত উপস্থিত হৈ বজালীত অধিৱেশন বিচাৰি ভাষণ ৰাখে। পাঠশালা বজাৰ কমিটি, পাঠশালা পৌৰসভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতি, বজালী মহকুমা ছাত্ৰ সন্থা, পাঠশালা প্ৰেছ ক্লাৱ, বজালী জিলা প্ৰেছ গীল্ড, জোনাকী মেল, শ্রদ্ধা, সৃষ্টি, বজালী জ্যেষ্ঠ নাগৰিক সন্থা, বজালী প্রগতি সংঘ, নিত্যানন্দ উন্নয়ণ সমিতি, সাদেৰী উন্নয়ণ সমিতি, বজালী জিলা প্রাথমিক শিক্ষক সন্মিলনী, খাৰাধৰা উন্নয়ণ সমিতি, পাঠশালা মহিলা বিকাশ মঞ্চ, পাঠশালা লেখিকা চ’ৰা, বামাখাটা তৰুণ সংঘ, ইউনাইটেড ক্লাব, বামাখাটা সত্ৰ পৰিচালনা সমিতি আদিৰ অনুষ্ঠান -প্ৰতিষ্ঠান তথা সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থকা সভাখনত সভাপতিত্ব কৰে পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে৷ সম্পাদক অতুল কলিতাই আঁত ধৰা সভাখনত গোবিন্দ কলিতা, গোবিন্দ তালুকদাৰ, মুনীন্দ্ৰনাৰায়ণ গোস্বামী, প্রবোধ চন্দ্ৰ শৰ্মা, গিৰিধৰ চৌধুৰী, জ্বলি চৌধুৰী, নিতু শৰ্মা, পংকজ বেজবৰুৱা, মৃদুল তালুকদাৰ, পুলু কুমাৰ শৰ্মা, চাৰু চৌধুৰী, মৃণাল চন্দ্ৰ কলিতা, অনিল দাস, তিলক মেধি, মনোমোহন শর্মা, ফুলেন চৌধুৰী, ৰামকৃষ্ণ তালুকদাৰ, কৈলাশ চৌধুৰী, হুমেশ্বৰ ৰয়ৰ উপৰিও উপস্থিত প্ৰতিটো অনুষ্ঠানৰ প্ৰতিনিধিয়ে বক্তব্য ৰাখি অসম সাহিত্য সভাৰ ২০২৫ বৰ্ষৰ ৭৭ সংখ্যক অধিবেশনখন বজালীত অনুষ্ঠিত কৰাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰে৷ আৰু এই প্ৰস্তাৱ অসম সাহিত্য সভালৈ প্ৰেৰণৰ সিদ্ধান্ত লয়৷ সভাৰ অন্তত শলাগ জ্ঞাপন কৰে পাঠশালা সাহিত্য সভাৰ সম্পাদক অতুল কলিতাই৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like