নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি বছৰ নৌহওতেই ভাগিল প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ বিশ্বনাথৰ লছমণবস্তি মহালক্ষীৰ পকীপথৰ কালভাৰ্ট

নিয়মীয়া বাৰ্তা, ২২ মে’: ২০১৯ বৰ্ষতে নিৰ্মাণ সম্পূৰ্ণ হোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পকীপথৰ কালভাৰ্ট এটি ভাঙি বিধ্বস্ত প্ৰায় অৱস্থা ৷ বিশ্বনাথ জিলাৰ অধীনস্ত লছমণবস্তিৰ পৰা মহালক্ষীলৈ যোৱা ১.৬৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকীপথটো নিৰ্ধাৰিত সময়ৰ আগতে ভাঙি পৰিছে ৷ বিঘ্নিত হৈ পৰিছে ৰাইজৰ যাতায়ত ৷ যিকোনো সময়তে সংঘটিত হব পাৰে দুৰ্ঘটনা ৷ পথছোৱাৰ মধ্য অংশত পানী সৰবৰাহৰ বাবে নিৰ্মাণ কৰা হৈছিল এটি কালভাৰ্ট ৷ যদিও নিয়মমতে আৰু প্ৰাককলন মতে উচ্চমানৰ কাম নকৰাৰ বাবেই অনাসায়ে ভাঙি পৰে কালভাৰ্ট ৷ ঠিকাদাৰ পুলক শৰ্মাই অধিক লাভৰ আশাত পালমৰা কাম কৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ ভঙা অংশছোৱাত শিল বালি মাটিৰ পৰিৱৰ্তে সামান্য বালি ছটিয়াই ব্লক বহুৱাই নিৰ্মাণ কৰা হৈছে পথ আৰু পথটিৰ ওপৰত কালভাৰ্ট ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি ৰাইজে আশ্বৰ্য প্ৰকাশ কৰিছে ৷

নিৰ্ধাৰিত নিয়ম আৰু প্ৰাককলন মতে কাম নকৰাৰ এতিয়াও সৰৱ চৰ্চা চলি আছে ৰাইজৰ মাজত ৷ উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এই পকীপথটো ১কোটি ১২ লাখ ৬৪ হেজাৰ ৫ শ ৬৫ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা পথ আৰু পথটিৰ মধ্যভাগত কালভাৰ্ট একেবাৰে নিম্নমানৰ হোম পাইপ দি বনোৱা বুলি ৰাইজে মত প্ৰকাশ কৰে ৷ উল্লেখ্য যে পাছ বছৰ সম্পুৰ্ণ নৌহওঁতেই ভাঙি পৰা কালভাৰ্টটি ভাঙি যোৱাত ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ হেমাহি বুলি মত ব্যক্ত কৰে ৷ আৰু অতি শীঘ্ৰে অসম অৰুণাচল সীমান্তৱৰ্তীৰ যাতায়তৰ সংযোগী একমাত্ৰ পথটিৰ কালভাৰ্ট মেৰামতিৰ বাবে স্থানীয় বিধায়ক তথা বিভাগীয় বিষয়াক সজোৰে দাবী জনাইছে স্থানীয় ৰাইজে

You might also like