নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন চাপৰিত ১৪ বছৰীয়া কিশোৰী ধৰ্ষণকাৰী গণশক্তি দলৰ নেতা ফুলেশ্বৰ দুৱৰাক আৰক্ষীয়ে আটক কৰি জে’ললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা , ৪ আগষ্ট : চিমেন চাপৰিৰ সন্দিকৈ মিলন গাঁৱৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰা গোচৰত অভিযুক্ত হৈ পলাটক অৱস্থাত থকা সন্মিলিত গণশক্তি দলৰ নেতা ফুলেশ্বৰ দুৱৰাক আজি চিমেন চাপৰি আৰক্ষীয়ে আটক কৰে। উল্লেখ্য যে কিশোৰী ধৰ্ষণকাৰী লম্পট ফুলেশ্বৰ দুৱৰাৰ দোকান আৰু ঘৰত মাজে সময়ে দীৰ্ঘদিন ধৰি কাম কৰি আছিল চিমেন চাপৰিৰ সন্দিকৈ মিলন গাঁৱৰ খেলন বৰগোঁহাইৰ ১৪ বছৰীয়া এগৰাকী কিশোৰী ৷ দৰিদ্ৰ পৰিয়ালটিৰ কিশোৰী গৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী। দৰিদ্ৰ পৰিয়ালটোৰ পিতৃ মাতৃ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰাৰ সুযোগ গ্ৰহন কৰি ঘৰত কোনো নথকা অৱস্থাত আজিৰ পৰা প্ৰায় ৬ মাহ পূৰ্বে মদ খাই দিনদুপৰতে ধৰ্ষণ কৰাত এতিয়া হলগৈ অন্তঃসত্ত্বা ৷ তথাকথিত সমাজকৰ্মী,গণশক্তি দলৰ নেতা তথা দোকানী ফুলেশ্বৰ দুৱৰাই উক্ত জঘন্য কাণ্ডক ঢাকি ৰখাৰ আপ্ৰাণ চেষ্টা চলাইছিল। কিন্ত অৱশেষত গাঁৱৰ ৰাইজে ১৪ বছৰীয়া কিশোৰী গৰাকীৰ অন্তঃসত্ত্বা হোৱা বুলি ধৰা পেলোৱাৰ পাছতে ধৰ্ষণকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপে।

পৰিয়াল তথা গাঁৱৰ সচেতন ৰাইজে ইপিনে লম্পট চৰিত্ৰৰ তথাকতিত সমাজ কৰ্মী জনৰ জঘন্য কাণ্ডক লৈ সমগ্ৰ ৰাইজ লজ্জিত হৈ পৰাত যোৱা ১ আগষ্ট দিনা সমগ্ৰ ঘটনাটোৰ ওপৰত পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৪৩/২০২০ নং ৩৭৬(৩) ভাৰতীয় দণ্ডবিধিৰ আৰ/ডব্লিও ৪ ৰ পস্ক আইনৰ অধীনত গোচৰ ৰুজো কৰাৰ পাচত ৪৮ ঘন্টাৰ পিছত চিলাপথাৰ নগৰৰ মাজগাঁৱত আত্মীয় ঘৰত আত্মগোপণ কৰি থকা অৱস্থাত চিমেন চাপৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কূলধৰ কোঁৱৰৰ নেতৃত্বত যোৱা আৰক্ষীয়ে আজি পুৱা ন বজাত আটক কৰিবলৈ সক্ষম হয় ৷ লম্পট ফুলেশ্বৰ দুৱৰাক আটক কৰাৰ পাচত ক’ভিড পৰীক্ষা কৰি ধেমাজি জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই জে’ললৈ প্ৰেৰণ কৰে।
কৰবী দলে

You might also like