চিমেন নদীৰ খহনীয়া প্ৰতিৰোধৰ বিশ লাখ টকাৰ আঁচনি উদ্ধোধন মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙ, ভবানী দুৱৰাৰ
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ চিমেন নদীৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে চিমেন চাপৰিৰ দাধৰা গাঁৱত এখন খহনীয়া প্ৰতিৰোধী আঁচনি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা উদ্ধোধন কৰা হয়।মিচিং স্বায়ত্ত শাসিত পৰিষদৰ জলসম্পদ বিভাগৰ অধীনত ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ বিশ লাখ টকা ধাৰ্য্যকৃত পুঁজিৰে নিৰ্মাণ হবলগা পকী পৰ্কিউপাইন আঁচনিখন আজি শুভ উদ্বোধন কৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে।
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ৭ নং চিমেন চমকঙ পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা পৰিষদৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্যা ভৱানী দুৱৰাৰ উপস্থিতিত আঁচনিখন উদ্ধোধন কৰি দিয়া চমু ভাষনত
কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে কয় ৰাজ্য চৰকাৰৰ আৱন্টিত সীমিত পুঁজিৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাধীন অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি ৰূপায়ণৰ কাম হাতত লোৱা হৈছে। বিভিন্ন সমস্যাৰে জৰ্জৰিত পৰিষদীয় এলেকাত অগ্ৰাধিকাৰৰ ভিত্তিত আঁচনিৰ কাম ৰূপায়ণ কৰিবলৈ চেষ্টা চলোৱা হৈছে বুলি বক্তব্য দাঙি ধৰি বিশ লাখ টকা ধাৰ্য্যকৃত পুঁজিৰে চিমেন নদীৰ খহনীয়া প্ৰতিৰোধৰ আঁচনিখনে নৈপৰীয়া কৃষি জীৱি ৰাইজৰ বাবে বহু সুৰক্ষা প্ৰদান কৰিব বুলি কয়। আঁচনিখন সঠিকভাৱে ৰূপায়ণৰ দিশত স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগিতাৰ বিকল্প নাই বুলিও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় কাৰ্যবাহী সদস্য গৰাকীয়ে।অনুষ্ঠানত চিমেন চাপৰি মহাবিদ্যালয়ৰ প্ৰবক্তা হৰেণ চাৰহ, শিক্ষক জয়ন্ত বৰা প্ৰমুখ্যে কেবাজনো নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে।