চিয়াজুলীৰ নাহৰবাৰী গাঁৱত বন্যহস্তীৰ সন্ত্ৰাস, নিশা ভাঙিলে দুটাকৈ বাসগৃহ
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা কাকৈ সংৰক্ষিত বনখণ্ডৰ দীৰ্ঘা বনাঞ্চলৰ সমীপৰ দীৰ্ঘা নাহৰবাৰী ৰাজহ গাঁৱত কালি নিশা বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে দুটাকৈ বাসগৃহ ভঙাৰ লগতে বাৰীৰ শস্যৰ বিস্তৰ ক্ষতি সাধন কৰে। স্থানীয় সুত্ৰে জানিব দিয়া মতে, নিশা প্ৰায় ন বজাত এটা বনৰীয়া হাতীয়ে গাঁওখনত প্ৰৱেশ কৰি দিল চুব্বাৰ বিধৱা পত্নী চুচিমায়া ৰাইৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰি থৈ, গাঁওখনৰে বিনোদ মগৰ নামৰ অন্য এগৰাকী লোকৰ বাসগৃহ ভাঙে। ইয়াৰ উপৰিও হাতীটোৱে গাঁওখনৰ আন কেইবাজনো লোকৰ বাৰীৰ কলগছ, তামোল গছ ভাঙি খাই তহিলং কৰি থৈ যায়। স্থানীয় ৰাইজে ইতিমধ্যে বিষয়টো কাকৈ বনখণ্ডৰ কাৰ্যালয়ক অৱগত কৰিছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক: ভূবন গৌতম