চিৰাঙত মহিলা হত্যা, ৫ হত্যাকাৰী আটক
নিয়মীয়া বাৰ্তা, ২৫ জুন: চিৰাঙত যোৱানিশা এগৰাকী মহিলাক এটা ৫ জনীয়া আক্ৰমণকাৰী দলে মৰিয়াই হত্যা কৰে। জিলা খনৰ ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ দক্ষিণ গাঁৱত এই হত্যাকাণ্ড সংঘটিত হয় । গাঁও খনৰ বাসিন্দা কমলেশ্বৰ টপ্পোই আজি দিনৰ ভাগত ৰুণিখাটা থানাত এখন এজাহাৰ দাখিল কৰে।
এজাহাৰকাৰীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি যোৱানিশা প্ৰায় ১০ বজাত ৫ জনীয়া এটা আক্ৰমণকাৰী দলে হাতত বাঁহৰ লাঠী লৈ তেওঁৰ ভাতৃ সোম্বাৰু কুছমা ৰ ঘৰত আহি ভাতৃ সোম্বাৰু আৰু খুলশালী কান্দেৰী কুছমাক শাৰিৰীকভাবে প্ৰহাৰ কৰে। আক্ৰমণকাৰী দলটোৰ লাঠীৰ প্ৰহাৰত কান্দেৰীৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ ভাতৃ সোম্বাৰু গুৰুতৰ ভাবে আহত হয়।
এজাহাৰ দাখিল কৰাৰ পাছত ৰুণিখাটা আৰক্ষীয়ে ৪২/২০ নম্বৰত (U/S 326/302/34 IPC) গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনাৰ ১৪ ঘন্টাৰ ভিতৰতে হত্যাকাণ্ডত জড়িত ৫ জন ব্যক্তিক আটক কৰে । আটক কৰা কেইজনক ক্ৰমে বিক্ৰম টিগ্গা(পিতৃ-ঘৰীয়া টিগ্গা, মধ্যম ৰুণিখাটা),বিক্ৰম জালজো (পিতৃ-বাৰু জালজো, মধ্যম দক্ষিণ গাঁও),প্ৰদীপ লাক্ৰা (পিতৃ-বিশ্বনাথ লাক্ৰা, মধ্যম দক্ষিণ গাঁও),হেমন্ত মিঞ্জ(পিতৃ-মহাদেৱ মিঞ্জ, দক্ষিণ দক্ষিণ গাঁও) আৰু সুনীল কুজুৰ (পিতৃ-বোৱা কুজুৰ, মধ্য দক্ষিণ গাঁও) বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।।