নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত শিশু-মহিলাসহ ১৭ জন আক্ৰান্ত ক’ৰোনাত

নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ এজন চিআৰপিএফ জোৱানৰ লগতে শিশু-মহিলা সহ আজি চিৰাঙত মুঠ ১৭ জন ব্যক্তিক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে । এই সোতৰ জনৰ ভিতৰত ১৬ জন বহিঃৰাজ্যফেৰৎ ব্যক্তি । মাত্ৰ এজন ব্যক্তি অন্য আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত আহি পজিটিভ হোৱা বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে । বিজনী এলেংমাৰীৰ ইন্তাজ আলী (৫০) নমাৰ ব্যক্তি জনৰ পুত্ৰ চেন্নাই ভ্ৰমণ কৰি আহি ঘৰলৈ যোৱাৰ পাছত নিজ পুত্ৰৰ সংস্পৰ্শলৈ অহাৰ পাছতে পিতৃ ইন্তাজ আলী কোভিড-১৯ পজিটিভ হোৱা বুলি জিলা স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। বহিঃৰাজ্যফেৰৎ বাকী ১৬ জন ব্যক্তি হ’ল ক্ৰমে- ছিমাং নাৰ্জাৰী(২৪),বিমল বসুমতাৰী(৩০),আমিৰ হুছেইন (২৮),অমল কুমাৰ ৰায়(৪০),নজৰুল মণ্ডল (১৭),নীলকমল ৰায়(৩৮),ভাদোৱাৰ সিং দৈমাৰী (২৮),নৰমেশ্বৰ দাস(৪৯),ৰামচন্দ্ৰ ব্ৰহ্ম(৩০),শীলা গয়াৰী(৩৬),সুজাতা গয়াৰী(৭),লালবাহাদুৰ মগৰ (১৯),বিলিফাং ব্ৰহ্ম(২২),আলী শ্বেখ (৩৯),মহম্মদ ৰহিম (৩২) আৰু চিআৰপিএফ জোৱান যতীন্দ্ৰ শৰ্মা(৩৮)। আজিৰ এই ১৭ জন কোভিড-১৯  আক্ৰান্তকে ধৰি এই মুহূৰ্তলৈ জিলাখনত মুঠ ১০৬ জন ব্যক্তিক কোভিড-১৯ ত আক্ৰান্ত হৈছে । তাৰ ভিতৰত আজি কাশীকোত্ৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসাধিন হৈ থকা ৪ জনে আৰোগ্য লাভ কৰাত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে । বৰ্তমানলৈ চিৰাং জিলাত ৭৮ জনে আৰোগ্য লাভ কৰাৰ বিপৰীতে ১৯ জন ব্যক্তিৰ চিকিৎসালয়ত চিকিৎসা সেৱা অব্যাহত ৰাখিছে ।।

You might also like